সদৌ অসম লেখিকা সমাৰোহ সমিতি ৰ আজাৰা শাখাৰ বানপীড়িতক সাহায্য প্ৰদান

0
112

সদৌ অসম লেখিকা সমাৰোহ সমিতি ৰ আজাৰা শাখাৰ বানপীড়িতক সাহায্য প্ৰদান

ৰাজ্যৰ চাৰিওফালে বানৰ সংহাৰৰ পিছত বন্যাৰ্তৰ মাজত খাদ্যৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। তাৰ মাজতে
সদৌ অসম লেখিকা সমাৰোহ সমিতি ৰ আজাৰা শাখাৰ সদস্যা সকলৰ বানপীড়িতক সাহায্য প্ৰদান।

সদস্যা সকলে হাজোৰ সাতদলা দুখুটি মূখি গাঁৱৰ বানপীড়িত ৰাইজৰ মাজত সকলক সামগ্ৰী বিতৰণ কৰে। গাওঁ খনৰ দুকুৰিটা দুৰ্গত পৰিয়ালৰ মাজত চাউল,দাইল,আলু, বিস্কুট, নিমখ বিতৰণ কৰে ।

বিগটা সাতদলা ভূমা হাইস্কুলৰ শিক্ষক মাননীয় শ্ৰীযুত অমৃত দাস আৰু স্থানীয় যুৱকসকলসৰ লগতে জ্যেষ্ঠ ব্যক্তি সকলে আহি এই কাৰ্যত সহযোগিতা আগবঢ়ায়।

উল্লেখ্য যে মানুহৰ এনে দুৰ্যোগৰ সময়ত আজাৰা লেখিকা সমাৰোহ শাখা সমিতিয়ে যৎকিঞিত সাহায্য আগবঢ়োৱাত গাঁওবাসী নথৈ আনন্দিত হৈছে ।

শাখাৰ সভানেত্ৰী শ্ৰীযুতা ত্ৰিবেণী দাস, সম্পাদিকা কুঞ্জ লতা মেধি, কাৰ্য নিৰ্বাহক সমিতিৰ সদস্যা সোমা দাস,কোষাধ্যক্ষা নিজৰা বৰুৱা কলিতা আৰু সদস্যা বন্তি শইকীয়াই এই সাহয্য বিতৰণ কাৰ্যসূচী ত অংশগ্ৰহণ কৰে।