এফালে শতকৰ ঘৰ পাৰ কৰিছে পেট্ৰ’লৰ মূল্যই আনফালে এইখন ভাৰতৰে এখন ৰাজ্যত ১৮ টকা হ্ৰাস
বিশ্বাস কৰিবলৈ টান হলেও সঁচা, ভাৰতৰে এখন ৰাজ্যত প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত ১৮ টকা হ্ৰাস কৰা হৈছে। এফালে যদি ১০০ৰ ঘৰ পাৰ কৰিছে আনফালে কেৱল ১৮ টকাই নহয়- ১৮.২৬ৰ পৰা ১৬.০৪ টকালৈ হ্ৰাস কৰা হৈছে মূল্য।
এই ৰাজ্যখন উত্তৰ পূৰ্বাঞ্চলৰে এখন অন্যতম পাহাৰীয়া ৰাজ্য নাগালেণ্ড। য’ত নাগালেণ্ড চৰকাৰে লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত থকা টেক্স ২৯.৮০ শতাংশ ৰ পৰা হ্ৰাস কৰি ২৫ শতাংশ বা ১৮.২৬টকাৰ পৰা ১৬.০৬ টকালৈ হ্ৰাস কৰা হৈছে।
উল্লেখ্য যে, সোমবাৰ ২২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ চুবুৰীয়া ৰাজ্য খনত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৯০ ৰ পৰা ৯২ টকাৰ ভিতৰত আছিল। ২৩ ফেব্ৰুৱাৰী তাৰিখে তেলৰ ওপৰত থকা এই কৰ হ্ৰাস কৰা হয়।
আৰু পঢ়ক : প্ৰায় ১৬লাখ টকাৰে দৰঙত নিৰ্মাণ হ’ল ৰাইজৰ বহুদিনীয়া অপেক্ষাৰ ফল এখন এখন ফুট ব্ৰীজ