28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পেভেলিয়ন ৰিলায়েন্স আৰু আদানীৰ নামত, ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা

    আহমেদাবাদৰ মোতেৰা ষ্টেডিয়ামৰ নাম সলনি কৰি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আৰু ইয়াৰ পেভিলিয়নৰ এণ্ড দুটা ৰিলায়েন্স আৰু আদানীৰ নামত নামকৰণ কৰাক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    বুধবাৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পুনৰ নিৰ্মাণ কৰি উলিওৱা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ এই ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰে আৰু তাৰ পিছত ভাৰত-ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ অনুষ্ঠিত হয়।

    ইয়াৰ পিছতে বিৰোধী নেতা ৰাহুল গান্ধীয়ে ‘হাম দো হামাৰে দো‘ শ্লোগানেৰে পুনৰ চৰকাৰক কটাক্ষ কৰি কয় যে প্ৰধানমন্ত্ৰীৰ নামত ষ্টেডিয়াম, দুয়োটা এণ্ড কৰ্পৰেট গোষ্ঠীৰ নামত আৰু অমিত শ্বাহৰ পুত্ৰ ক্ৰিকেট প্ৰশাসনৰ সৈতে জৰিত।

    ‘হাম দো হামাৰে দো ‘ হেচটেগেৰে কৰা টুইটটোত ৰাহুলে কয়, ‘কিমান ধুনীয়াকৈ সত্যটো পোহৰলৈ আহিছে। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম- আদানী এণ্ড- ৰিলায়েন্স এণ্ড। জয় শ্বাহৰ নেতৃত্বত’।

    অধিবক্তা তথা সমাজকৰ্মী প্ৰশান্ত ভূষণেও টুইটাৰত খুব ৰসিকতাৰে চৰকাৰক সমালোচনা কৰা দেখা যায়। তেওঁ কয় যে মোদীজীয়ে আম্বানি এণ্ডৰ পৰা বেটিং কৰিবলৈ পছন্দ কৰিব নে আদানি এণ্ডৰ পৰা?

    গুজৰাটস্থিত এই ক্ৰিকেট ষ্টেডিয়ামখনৰ নাম প্ৰধানমন্ত্ৰী মোদীৰ নামত পুনৰ নামকৰণ কৰাৰ পিছতেই দেশজুৰি হোৱা বিতৰ্কৰ ওৰ পেলাবলৈ চৰকাৰে কয় যে কেৱল মোতেৰা ষ্টেডিয়ামৰহে নাম সলনি কৰা হৈছে, সমগ্ৰ ক্ৰীড়া কমপ্লেক্সটো চৰ্দাৰ পেটেলৰ নামতেই থাকিব।

    কংগ্ৰেছ আৰু বিৰোধী দলসমূহে অভিযোগ কৰি কৈছিল যে পুনৰ নামকৰণৰ দ্বাৰা চৰ্দাৰ পেটেলক ‘অপমান’ কৰা হৈছে।

    আৰু পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন! ভালুকৰ আক্ৰমণত আহত বনকৰ্মী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published