29 C
Guwahati
Tuesday, May 24, 2022
More

    শাৰীৰিক সম্পৰ্ক স্থাপনৰ পাছত নিম্ন জাতিৰ কাৰণ দেখুৱাই বিয়াৰ বাবে অমান্তি, ন্যায়ালয়ে কি ক’লে শুনানিত

    শাৰীৰিক সম্পৰ্ক স্থাপনৰ পাছত নিম্ন জাতিৰ কাৰণ দেখুৱাই বিয়াৰ বাবে অমান্তি, ন্যায়ালয়ে কি ক’লে শুনানিত

    শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পাছত ভিন্ন জাতিৰ কাৰণ দেখুৱাই বিয়াৰ বাবে অমান্তি কৰা কাৰ্য্যক মিছা প্ৰতিশ্ৰুতি হিচাপে গণ্য কৰা হ’ব বুলি আদালতে উল্লেখ কৰে।

    বোম্বাই উচ্চ ন্যায়ালয়ে বুধবাৰে এজন ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰা ধৰ্ষণৰ গোচৰ সম্পৰ্কত নিজৰ শুনানিত এইদৰে উল্লেখ কৰে।

    জানিব পৰা মতে, অভিযুক্ত ব্যক্তি গৰাকীয়ে এগৰাকী যুৱতীক বিয়াৰ প্ৰস্তাৱ দি যুৱতী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত হয় আৰু যৌন ইচ্ছা পুৰণ কৰাৰ পাছতে যুৱতী গৰাকী নিম্ন জাতিৰ বুলি কাৰণ দেখুৱাই বিয়া কৰাবলৈ অমান্তি হয়।

    ব্যক্তিজনৰ এই কাৰ্য্যৰ পাছতে যুৱতী গৰাকীয়ে ন্যায় বিচাৰি বোম্বাই উচ্চ ন্যায়ালয়ত অভিযোগ দাখিল কৰে আৰু বোম্বাই উচ্চ ন্যায়ালয়ে ঘটনা সন্দৰ্ভত শুনানি আৰম্ভ কৰে।

    বুধবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে নিজৰ শুনানিত এনেদৰে বিয়াৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পাছত নিম্ন শ্ৰেণীৰ কাৰণ দেখুৱাই বিয়া কৰাবৰ বাবে আমান্তি হোৱা কাৰ্য্যক মিছা প্ৰতিশ্ৰুতি হিচাপে গ্ৰহণ কৰা হ’ব বুলি নিজৰ ৰায়দান দিয়ে।

    আৰু পঢ়ক : পাকিস্তান জিন্দাবাদ, ভাৰতীয় জাতীয় পতাকাক অপমান কৰি তাহেৰ আলীৰ ফেইচবুকত পোষ্ট, গ্ৰেপ্তাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং