26 C
Guwahati
Thursday, September 16, 2021
More

    স্বাধীন দেশৰ পৰাধীন নাৰীৰ দুৰ্দশা! যাক ৰাখী পিন্ধাইছিল, সিয়েই জোৰ কৈ ধৰ্ম সলোৱাই পাতিলে বিয়া

    স্বাধীন দেশৰ পৰাধীন নাৰীৰ দুৰ্দশা! যাক ৰাখী পিন্ধাইছিল, সিয়েই জোৰ কৈ ধৰ্ম সলোৱাই পাতিলে বিয়া

    এখন স্বাধীন দেশৰ পৰাধীন নাৰীৰ দুৰ্দশাৰ কথা সামাজিক মাধ্যমত মাজতে বৰকৈ প্ৰচাৰিত হৈছেল। চুবুৰীয়া এগৰাকী লোকক বছৰ বছৰ ধৰি ৰাখী পিন্ধাই ৰাখী ভাই বনোৱাৰ পিছতো, সেই ভাতৃয়েই অপহৰণ কৰি নি ধৰ্মান্তৰিত কৰি জোৰকৈ বিয়া পাতে।

    ভুক্তভোগী যুৱতীয়ে নিজেই এক ভিডিঅ বনাই ছচিয়েল মিডিয়াত আপলোড কৰিছিল। তাত যুৱতীয়া কৈছেল- অনুগ্ৰহ কৰি মোক মোৰ পিতৃ-মাতৃৰ ওচৰত যাবলৈ দিয়া, মোক জোৰ কৈ অনা হৈছে। মোৰ পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকিয়ো প্ৰদন কৰিছে।

    যি ভিজিঅ ভাইৰেল হোৱাৰ পিছতে তোৰপাৰ লাগি যায় সামাজিক মাধ্যম। অৱশেষত চৰকাৰে নতশিৰ কৰি ভুক্তভোগী যুৱতীগৰাকীক উদ্ধাৰ কৰি পিতৃ-মাতৃৰ ওচৰলৈ প্ৰেৰণ কৰে। এই ঘটনা ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ পাকিস্তানৰ।

    সমগ্ৰ ঘটনাত ন্যায়ালয়ে হস্তক্ষেপ কৰাত অৱশেষত ন্যায় লাভ কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে। সোমবাৰে আদালতত উপস্থিত হোৱাৰ পিছত নিজৰ পিতৃ-মাত-ৰ ওচৰলৈ যাবলৈ অনুমতি লাভ কৰে যুৱতীগৰাকীয়ে।

    ৰীণা মেঘবাৰ নামৰ যুৱতীগৰাকীক কাষৰে ঘৰৰ মুছলীম সম্প্ৰদায়ৰ যুৱকে অপহৰণকৰি নি ধৰ্ম পৰিবৰ্তন কৰি জোৰ কৈ বিয়া পাতিছিল। সমগ্ৰ ঘটনা বৰ্তমানেও ন্যায়লয়ে চোৱা চিতা কৰি আছে। এতিয়াও যুৱকজনৰ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ন্যায়লয়ে।

    আৰু পঢ়ক : টকিঅ’ অলিম্পিক: প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ শীৰ্ষস্থানীয় মহিলা ধনুৰ্বিদ দিপীকা কুমাৰীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং