ৰঙা আৰু নীলা কল দেখিছেনে? ৰঙা আৰু নীলা কলৰ উপকাৰিতাসমূহ জানো আহক
আমি প্ৰত্যেকেই সেউজীয়া কল দেখিছো। সাধাৰণতে কল পকিলে হালধীয়া ৰঙৰ হৈ যায়। কিন্তু বিশ্বত ৰঙা আৰু নীলা ৰঙৰ কল উপলব্ধ আছে।
ৰঙা কল সাধাৰণতে অসমত বহু কম লোকৰ ঘৰত পোৱা যায়। ৰঙা কলক অসমৰ বহু ঠাইত তুলসী কল কোৱা বুলি কোৱা হয়।
ৰঙা কল শৰীৰৰ বাবে কিয় উপকাৰী জানো আহকঃ
ৰঙা কলে শৰীৰৰ ওজন কমোৱাত সহায় কৰে।
ৰঙা কল কিডনীত পাথৰ হোৱা ৰোগীৰ বাবে উপকাৰী।
ৰঙা কলে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।
ৰঙা কলে নিকোটিনৰ পৰা ৰক্ষা কৰে।
দেহত ৰক্ত বৃদ্ধি কৰে।
ৰঙা কলে চালৰ বাবে যথেষ্ট উপকাৰী।
ৰঙা কল দৃষ্টিশক্তিৰ বৃদ্ধিৰ বাবে যথেষ্ট উপকাৰী।
ৰঙা কলে শৰীৰত পুষ্টি যোগান ধৰে।
ৰঙা কলে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে।
ৰঙা কলে হজম শক্তি বৃদ্ধি কৰে।
নীলা কলঃ
নিলা কলবিধ দক্ষিণপূব এছিয়াত সাধাৰণতে উপলব্ধ হয়। ইও কলৰ এক হাইব্ৰিড প্ৰকাৰ। এই কল বিধ পকাৰ আগতে বাকলিটো নীলা ৰঙলৈ পৰিৱৰ্তন হয়। এই কলটোৰ ভিতৰত ক’লা ক’লা গুটি আছে।
নীলা কল সাধাৰণতে আইচক্ৰীমৰ দৰে সোৱাদযুক্ত হয়।
নীলা কলৰ বহুতো স্বাস্থ্যসন্মত গুণ আছে।
নীলা কলে শৰীৰৰ ওজন কমাই।
নীলা কলে হজম শক্তি বঢ়াই।
আৰু পঢ়ক : পুনৰ হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী, ততাতৈয়াকৈ হাস্পতালত ভৰ্তি