শহুৰেকৰ ঘৰলৈ বুলি ওলাই যোৱা যুৱকৰ পিছদিনা মৃতদেহ উদ্ধাৰ

মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

0
52

ৰূপহীহাটৰ জুৰীয়াত উদ্ধাৰ হৈছে এটি যুৱকৰ মৃতদেহ। মৃত যুৱক জনৰ নাম জহিদুল আলম বুলি জানিব পৰা হৈছে। জুৰীয়াৰ থিয়টাঙনী গাঁৱৰ নিজা ঘৰৰ পিছফালেই উদ্ধাৰ যুৱক জনৰ মৃতদেহ।

উল্লেখ্য যে, নিশা শহুৰেকৰ ঘৰলৈ বুলি ওলাই গৈছিল যুৱক জন। কিন্তু নিশা ওলাই যোৱা যুৱকজনৰ পিছদিনা পুৱা মৃতদেহ হে উদ্ধাৰ হয়। কোনো দু্ৰ্বৃত্তই অন্ধকাৰৰ সুযোগ লৈ এনেদৰে হত্যা কৰি ঘৰৰ পিছফালে মৃতদেহ পেলাই যোৱাৰ সন্দেহ যুৱকজনৰ পৰিয়ালৰ।

বৰ্তমানে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰিছে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি শহুৰেকৰ পৰিয়ালৰ সৈতে সংঘাত চলি আহিছিল যুৱক জনৰ।

Photo Credit: @muksidulhoque