কাছাৰ জিলাৰ এটা সদ্য আৱিষ্কৃত জলপ্ৰপাত, চাৰি বন্ধুৱে পাহাৰ বগাই সদ্যহতে পাহাৰৰ মাজত অনাবিষ্কৃত জপ্ৰপাত এটি দেখি তভক মাৰে। সেই লগে লগেই ভিডিঅ’ বনাই ছচিয়েল মিডিয়াত দি দিয়ে সেই ভিডিঅ’। ভিডিঅ’ দেখাৰ পিছতে এতিয়া বহু লোকে ভিৰ কৰিছেহি সেই স্থান।
ক’ত সেই স্থান, কিদৰে যাব সেই স্থানলৈ। যি স্থান মেঘালয়ৰ কোনো মনোমোহা জলপ্ৰপাতৰ দৰেই কিন্তু আছে এইখন অসমতেই। এই জলপ্ৰপাতো আছে কাছাৰ জিলাৰ ভাৰত বাংলদেশ সীমান্তৱৰ্তী জালালপুৰত৷
আজিলৈকে কাৰো বিশেষ নজৰত নপৰা এই জলপ্ৰপাত তোলৈ যাবলৈ হ’লে জালালপুৰ চাহ বাগিচাৰ ভিতৰেৰে প্ৰায় চাৰি কিলোমিটাৰ গৈ পাহাৰ বগাই গৈয়ে পোৱা যায় এই মনোৰম জলপ্ৰপাতটো।
বলেশ্বৰ নৈৰ মাজতে এই জলপ্ৰপাতটো থকা বাবে ইয়াৰ নাম বলেশ্বৰ ৱাটাৰ ফল্ছ নাম দিছে সেই চাৰি বন্ধুয়ে৷
সেই চাৰি যুৱকৰ ইচ্ছা চৰকাৰ ফালৰ পৰা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি ইয়াত এটি স্থায়ী পিকনিক স্পট কৰিলে আৰু অধিক লোকৰ সমাগম হব এই জনসমাগৰ পৰা দূৰৈত থকা জলপ্ৰপাতটো৷
Photo Credit: @yasinmazumdermder