26 C
Guwahati
Thursday, September 16, 2021
More

    ৪১ টা বছৰে জংঘলত থকা প্ৰকৃত টাৰ্জানৰ সভ্য সমাজলৈ অহাৰ ৮ বছৰৰ ভিতৰতে মৃত্যু

    ৪১ টা বছৰে জংঘলত থকা প্ৰকৃত টাৰ্জানৰ সভ্য সমাজলৈ অহাৰ ৮ বছৰৰ ভিতৰতে মৃত্যু

    আধুনিক মানৱ সভ্যতাৰ পৰা ৪১ টা বছৰে আঁতৰত জংঘলৰ মাজত বাস কৰিছিল এজন ব্যক্তিয়ে। যাক ৰিয়েল লাইফৰ টাৰ্জান বুলি জনা যায়। সেই ব্যক্তিগৰাকীৰ নাম হৈছে বো বেন লেং(Ho Van Lang)।

    আজিৰ পৰা ৮ বছৰ পূৰ্বে সেই ব্যক্তিগৰাকীক পিতৃৰ সৈতে উদ্ধাৰ কৰি সভ্য মানুহৰ মাজলৈ লৈ অনা হৈছিল। পিছে দুখৰ বিষয় ৪১ টা বছৰে সুস্থ সুকলমে জংঘলত বাস কৰা হো বেন লেং সভ্য মানুহৰ মাজত অহাৰ ৮ বছৰৰ ভিতৰতে ১৩ ছেপ্তেম্বৰ ২০২১ ত অকাল মৃত্যু ঘটে।

    হো বেনৰ মৃত্যুৰ কাৰণ লিভাৰ কেঞ্চাৰ বুলি জানিব পৰা গৈছে। কিয়নো জংঘলৰ মাজত প্ৰকৃতিৰ পৰা পোৱা খাদ্য খাই অহাৰ পিছত হঠাতে সভ্য সমাজলৈ আহি ভিন্ন সোৱাদৰ খাদ্য আৰু লগতে সুৰা চিগাৰেটো মৃত্যুৰ অন্যতম কাৰণ বুলি ধৰা হৈছে।

    উল্লেখ্য যে, ভিয়েটনামৰ বাসিন্দা হো বেনৰ পিতৃ পেছাত এগৰাকী সৈনিক আছিল। কিন্তু আমেৰিকাৰ সৈতে যুদ্ধৰ সময়ত পৰিয়ালৰ সকলোকে হেৰুৱাই শেষত কোলাত কনমানি হো বেনক লৈ জংঘললৈ গুচি যায়।

    আৰু পঢ়ক : অদ্ভুত সৌন্দৰ্য্য, চুলিৰ নামত মূৰত গুজি ল’লে সোণৰ চেইন, দাঁত বোৰো সোণৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং