দিনটোৰ বাবে আপুনি ভাগ্যবান নে ? জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

0
3791

দিনটোৰ বাবে আপুনি ভাগ্যবান নে ? জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

মেষ – আজি গুৰুত্বপূৰ্ণ কাম সহজে সমাধান কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। জীৱ-জন্তুৰ পৰা সাৱধান হ’ব। শুভ সংখ্যা ৯, শুভ ৰং গোলাপী।

বৃষ – কৰ্মত ধৈৰ্য আৰু নিষ্ঠাৰ প্ৰয়োজন হ’ব। আনক বেছি উপদেশ নিদিব। সংগীতজ্ঞ, অধিবক্তাৰ সুখ্যাতি বৃদ্ধি পাব। শুভ সংখ্যা ৪, শুভ ৰং মুগা।

মিথুন – মনৰ পৰা শংকা আঁতৰিব। পুৱা বেলাতেই শুভ কাম সমাপন কৰক। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ১, শুভ ৰং আকাশী।

কৰ্কট – কৰ্মত ব্যক্তিত্ব প্ৰকাশ পাব। অপৰ্যাপ্ত পৰিমাণত খৰছ হ’ব। হঠাৎ কোনো দু:সংবাদ পাব পাৰে। শুভ সংখ্যা ৫, শুভ ৰং সেউজীয়া।

সিংহ- শাৰীৰিক দিশত কিছু আমনিৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত শুভ। খৰছৰ মাত্ৰা বাঢ়িব। শুভ সংখ্যা ৮, শুভ ৰং নীলা।

কন্যা – হাতত লোৱা কামবোৰ আগুৱাই নিয়াত বাধা নাপাব । প্ৰেমত শুভ। ধৰ্মত মনোযোগিতা বৃদ্ধি পাব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

তুলা – ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব। কাৰোৰে প্ৰলোভনত ভুল নাযাব। গাড়ীৰ পৰা সাৱধানে থাকিব। শুভ সংখ্যা ৬, শুভ ৰং মাখন।

বৃশ্চিক – অপ্ৰত্যাশিত ভাৱে কোনো সুখবৰ পাই মন প্ৰফুল্লিত হ’ব। ঘৰলৈ নতুন বাহন আহিব। শুভ সংখ্যা ২, শুভ ৰং ৰঙা।

ধনু- কৰ্মত উন্নতিৰ যোগ। মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। কোনোৱে বিষ আদিত ভুগিব পাৰে। শুভ সংখ্যা ৮, শুভ ৰং বাদমী।

মকৰ- কোনো কাৰণত মন অশান্ত হৈ থাকিব। এটাৰ পিছত আন এটা সমস্যাই ব্যতিব্যস্ত কৰিব। শুভ সংখ্যা ১, শুভ ৰং- বেঙুনীয়া।

কুম্ভ – কৰ্মত অন্যমনস্ক নোহোৱা ভাল। মানহানিৰ যোগ। মইমতালিৰে কোনো কাম নকৰিব। শুভ সংখ্যা ৮, শুভ ৰং ৰূপালী।

মীন- নিজা স্থিতিত অটল থাকিব।কাকো খং নকৰিব আজি। মাটি-সম্পত্তি কিনোতে ভালদৰে নিৰীক্ষণ কৰিব ।শুভ সংখ্যা ৪ , শুভ ৰং সোণালী।।