কেৰিয়াৰত লাভ কৰিব আশানুৰূপ ফল, কোন ৰাশিৰ বাবে আহিব ডাঙৰ সুযোগ , জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

0
1

কেৰিয়াৰত লাভ কৰিব আশানুৰূপ ফল, কোন ৰাশিৰ বাবে আহিব ডাঙৰ সুযোগ , জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

মেষ – মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। জীৱনলৈ অহা সুযোগক গ্ৰহণ কৰক । পিতৃৰ স্বাস্থ্যই চিন্তাত পেলাব। শুভ সংখ্যা ৮ , শুভ ৰং বগা।

বৃষ- কোনোব বন্ধু আপোনাৰ পৰা বৃহত পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে। যদি আপুনি তেওঁক ধন দিয়ে আপুনি আৰ্থিক ভাৱে দূৰ্বল হৈ পৰিব। শুভ সংখ্যা ২, শুভ ৰং ৰঙা।

মিথুন- কৰ্মক্ষেত্ৰত কোনোবাাই আপোনাৰ কামৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে।বহুদিনৰ পৰা অনুভৱ হৈ থকা অশান্তিৰ পৰা আৰাম পাব। শুভ সংখ্যা ১, শুভ ৰং ছাই বৰণ ।

কৰ্কট- আৰ্থিক বিনিয়োগৰ পূৰ্বে সকলো দিশ ভালদৰে চালিজাৰি চাবলৈ নাপাহৰিব। ব্যৱসায়ত বিনিয়োগৰ বাবে উত্তম দিন। প্ৰেমত বাধা আহিব পাৰে। শুভ সংখ্যা ৫,শুভ ৰং আকাশী।

সিংহ- কৰ্মক্ষেত্ৰত আশানুৰূপ পদোন্নতি পাব । হতাশাৰ পৰা মুক্তি পাব। পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। শুভ সংখ্যা ৭ ,শুভ ৰং বাদামী।

কন্যা- আবেগ চম্ভালি পদক্ষেপ গ্ৰহণ কৰক। সহযোগীৰ লগত সাৱধানে কথা পাতক। জীৱন সংগীয়ে হঠাতে ভাল খবৰ দিব পাৰে। শুভ সংখ্যা ৩, শুভ ৰং গোলপীয়া।

তুলা- মানসিক প্ৰশান্তি লাভ কৰিব।নিজৰ অধিকাৰৰ বাবে যুঁজিব লাগিব। প্ৰয়োজন বুজি খৰচ কৰক। স্বাস্থ্যৰ যত্ন লওক। শুভ সংখ্যা ৬, শুভ ৰং ৰঙা।

বৃশ্চিক- আজি পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব।বিপুল উন্নতিৰ সুযোগ সন্মুখলৈ আহি আছে তাক স্বাগতম জনাওক। শুভ সংখ্যা ৪, শুভ ৰং হালধীয়া।

ধনু- অহংকাৰক প্ৰশ্ৰয় নিদিয়াই উচিত হ’ব। আবেগৰ সলনি যুক্তিৰে কথাবোৰ ভাবি চালে ভাল।খৰচ কমাব লাগিব। স্বাস্থ্য ভালে থাকিব। শুভ সংখ্যা ৯ , শুভ ৰং মেৰুণ।

মকৰ- সৰু–সুৰা সমস্যাক গুৰুত্ব দিলে নহ’ব। হাতলৈ কোনো নতুন সুযোগ আহিব। আজিৰ দিনটোত টকা ধাৰলৈ নিদিব। শুভ সংখ্যা ১,শুভ ৰং বাদামী।

কুম্ভ- পুৰণি কাম শেষ নকৰাকৈ নতুন কামত হাত নিদিব। পৰিয়াল–আত্মীয়ক সময় দিয়ক। স্বাস্থ্যৰ যত্ন লোৱাৰ একান্ত প্ৰয়োজন। শুভ সংখ্যা ৫,শুভ ৰং নীলা।

মীন- কৰ্মক্ষেত্ৰত কামৰ চাপ পৰিব পাৰে।জীৱন সংগীক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব পাৰে। দিনটো আবেগপ্ৰৱণ হৈ থাকিব। শুভ সংখ্যা ৩, শুভ ৰং পাতল হালধীয়া।