33 C
Guwahati
Monday, September 26, 2022
More

    দুৰ্ঘটনাৰ যোগ আছে নেকি? জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

    দুৰ্ঘটনাৰ যোগ আছে নেকি? জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

    মেষ – যিকোনো কামত নিজা স্থিতি ৰাখিব। দুৰ্ঘটনাৰ সম্ভাৱনা আছে। যান-বাহনৰ পৰা সাৱধানে থাকিব। প্ৰেমত শুভ। শুভ সংখ্যা ৩,শুভ ৰং বগা।

    বৃষ- সৌভাগ্যৰে ভৰা হব আজিৰ দিনটো ৷ ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে উত্তম দিন ৷ বন্ধুৰ পৰা উপকৃত হ’ব ৷শুভ সংখ্যা ৮, শুভ ৰং মেৰুণ।

    মিথুন- ব্যৱসায়ীৰ বাবে আজিৰ দিনটো কিছু কষ্ট হব পাৰে। হাতত থকা ধন হেৰাবও পাৰে।শুভ সংখ্যা ১, শুভ ৰং আকাশী।

    কৰ্কট- অত্যধিক অনুভূতিশীল আৰু আৱেগিক হৈ নপৰিব ৷ সম্পত্তি আৰু মাটিবাৰী সম্বন্ধীয় বিষয় এৰাই চলক। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ২, শুভ ৰং ৰঙা।

    সিংহ- মানসিক চাপ বাঢ়িব পাৰে। ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰতো কিছু সমস্যা অনুভৱ কৰিব। জুইৰ পৰা সাৱধানে থাকিব। শুভ সংখ্যা ৫, শুভ ৰং হালধীয়া।

    কন্যা – আজি আপুনি নিজকে সুস্থ আৰু সবল অনুভৱ কৰিব । মন উৎফুল্লিত থাকিব ৷ নতুন কামৰ সুযোগ আহিব। শুভ সংখ্যা ৭, শুভ ৰং বাদামী।

    তুলা – ব্যৱসায়-বাণিজ্যত সফলতা ৷ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব ।
    দাম্পত্য জীৱনত সুখ লাভ কৰিব ৷ শুভ সংখ্যা ৯, শুভ ৰং কমলা।

    বৃশ্চিক- ৰাশিৰ লোকে আজি নতুন কাম হাতত নলব ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব।শুভ সংখ্যা ৬, শুভ ৰং সেউজীয়া।

    ধনু – বিবাহিতসকলৰ বাবে এইটো ভাল দিন৷ প্ৰেমত ভাল৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ কৰিব পাৰে৷ শুভ সংখ্যা ২, শুভ ৰং বেঙুনীয়া শুভ সংখ্যা ৭, শুভ ৰং নীলা।

    মকৰ-হঠাৎ লোৱা সিদ্ধান্তই অসন্তুষ্ট কৰিব৷ ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰক৷ অলপ দিন পানীৰ পৰা আঁতৰি থাকক৷ শুভ সংখ্যা ১, শুভ ৰং ৰঙা।

    কুম্ভ – দিনটো খেলিমেলিৰে পাৰ হʼব৷ এলেহুৱা-নিৰুৎসাহী হৈ পৰিব৷ ইয়ে কর্মক্ষেত্ৰক প্ৰভাৱান্বিত কৰিব।শুভ সংখ্যা ৫, শুভ ৰং গোলাপী।

    মীন – খৰচ বৃদ্ধি৷ খৰচ কৰিলে সাৱধানে কৰিব৷ ধন উপাৰ্জন কৰাৰ সুযোগ পাব৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব৷শুভ সংখ্যা ৮, শুভ ৰং গাঢ় নীলা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং