
আজি দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ ; জানিবলৈ পঢ়ক আজিৰ ৰাশিফল
মেষ – ক্ষনিক আবেগত ভাহি কোনো নিৰ্ণয় নলব | পিতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব | প্ৰেমত সাৱধান হ’ব| শুভ সংখ্যা ৫ , শুভ ৰং ৰঙা |
বৃষ – হেৰুওৱা সম্পত্তি পুনৰ লাভ কৰিব | যিকোনো কামতে ধৈয্য ৰাখিব | অনৰ্থক কাৰোৰে সৈতে কাজিয়া নকৰিব | শুভ সংখ্যা ৮, শুভ ৰং নীলা |
মিথুন – দিনটো আনন্দৰে পাৰ হ’ব | মহাদেৱৰ উপাসনা কৰক | ভ্ৰমণৰ যোগ | শুভ সংখ্যা ১, শুভ ৰং গোলপীয়া |
কৰ্কট – দিনটো কিছু কঠিন হ’ব | মনৰ পৰা ভয় আতৰিব | পুৰণি বন্ধুক লগ পাব | হাতলৈ ধন আহিব | শুভ সংখ্যা ৯ , শুভ ৰং বগা |
সিংহ – বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে |
সফলতা লাভ কৰিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব | শুভ সংখ্যা ২ , শুভ ৰং বাদামী |
কন্যা – কৰ্মস্থানত প্ৰশংসা লাভ কৰিব | নিজৰ ওপৰত বিশ্বাস ৰাখিব | হাতলৈ ধন আহিব | শুভ সংখ্যা ৬ , শুভ ৰং সোণালী |
তুলা – লক্ষ্যত সফল হ’ব | যদি কোনো নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেতিয়াহলে উত্তম সময় | দাম্পত্যত কাজিয়াৰ সম্ভাৱনা | শুভ সংখ্যা ৪ , শুভ ৰং মেৰুণ |
বৃশ্চিক – ডিঙি/ ককাঁলত অনবৰতে বিষ হৈ থাকিব পাৰে । ইয়াক আপুনি অৱহেলা নকৰিব | সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে। শুভ সংখ্যা ৭ , শুভ ৰং আকাশী |
ধনু – স্বাস্থ্য ভালে থাকিব। প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে কাকো নিদিব | সম্পত্তি ক্ৰয় কৰিব পাৰিব | বিদেশত ব্যবসায়ৰ সম্ভাৱনা | শুভ সংখ্যা ৯, শুভ ৰং ৰূপালী |
মকৰ – কোনো ডাঙৰ সুযোগ হাতলৈ আহিব | কৰ্মত পদোন্নতিৰ যোগ | পেটৰ সমস্যাই দেখা দিব | জন্তুক মিঠাই খোৱাব আশা পূৰণ হ’ব | শুভ সংখ্যা ১, শুভ ৰং কমলা |
কুম্ভ – কৰ্মক্ষেত্ৰত প্ৰেৰণা লাভ কৰিব | বেলেগক চকু বন্ধ কৰি বিশ্বাস নকৰিব | আৰ্থিক দিশত শুধৰণি আহিব | শুভ সংখ্যা ৭, শুভ ৰং ৰঙা |
মীন – কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচাত মানসিক অশান্তি হ’ব | লক্ষ্মীৰ আগমণ হ’ব পাৰে। সতৰ্ক হৈ কথা নক’লে সন্মানহানি হোৱাৰ সম্ভাৱনা। শুভ সংখ্যা ৫ , শুভ ৰং মুগা |