আপোনাৰ ভাগ্য সুপ্ৰসন্ন নে আজি, জানিবলৈ চাওঁক আজিৰ ৰাশিফল

0
6992

আপোনাৰ ভাগ্য সুপ্ৰসন্ন নে আজি, জানিবলৈ চাওঁক আজিৰ ৰাশিফল

মেষ- কোনো বিশেষ কামৰ বাবে আপুনি প্ৰেৰণা লাভ কৰিব। প্ৰিয়জনৰ পৰা ওপহাৰ লাভ কৰিব। আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য বজায় চলিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। শুভ সংখ্যা ৮,
শুভ ৰং মেৰুণ।

বৃষ- সম্পত্তি ক্ৰয় কৰাৰ সময়ত সাৱধান হ’ব। গণেশৰ কৃপা থাকিব। সকলো কামেই আজি সুকলমে সমাপ্ত হ’ব। কোনো বেলেগ লোকে দিয়া পৰামৰ্শক চকু বন্ধ কৰি বিশ্বাস নকৰিব। শুভ সংখ্যা
১, শুভ ৰং বাদামী।

মিথুন- কৰ্মস্থানত সহনশীলতা বনাই ৰাখিব। ব্যৱসায়ত লাভৰ মুখ দেখিব। দাম্পত্য জীৱনত সামঞ্জস্য বনাই ৰাখিব। পেটৰ সমস্যাই দেখা দিব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং আকাশী।

কৰ্কট- কোনো ডাঙৰ সুযোগ হাতলৈ আহিব। খং কমাব। কৰ্মত বাধা আহিব। সিদ্ধান্ত লওঁতে সাৱধান হ’ব। গণেশক আৰাধনা কৰিব। বিপদত পৰা লোকক সহায় কৰিব। শুভ সংখ্যা ৩, শুভ ৰং
বগা।

সিংহ- ধাৰলৈ দিয়া পইচা ঘূৰাই পাব। দীৰ্ঘদিনধৰি অমীমাংসিত পৰিকল্পনা আৰম্ভ কৰাৰ সঠিক সময়। কোনো আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব। শুভ সংখ্যা ৬, শুভ ৰং কমলা।

কন্যা- কামৰ বুজা বৃদ্ধি পাব। সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে। পিতৃৰ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব। দাম্পত্য জীৱনত মতানৈক্য হ’ব পাৰে। খৰছৰ মাত্ৰা বাঢ়িব । শুভ সংখ্যা ২, শুভ ৰং সেউজীয়া।

তুলা – লক্ষ্য প্ৰাপ্তি পাবলৈ বহু কষ্ট কৰিব লাগিব। প্ৰতিযোগীতামূলক পৰীক্ষাত শিক্ষৰ্থীয়ে সফলতা লাভ কৰিব। পৰিয়ালৰ কাৰোবাৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫ , শুভ ৰং ৰূপালী।

বৃশ্চিক- খৰখেদা আৰু অৱহেলাত লোৱা সিদ্ধান্তই বিত্তীয় লোকচানৰ কাৰণ হ’ব পাৰে।হাতলৈ হঠাতে পইচা আহিব। প্ৰেমত ভুল বুজাবুজিৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৪, শুভ ৰং গোলপীয়া।

ধনু – কৰ্মস্থানত পদোন্নতিৰ যোগ|প্ৰেমত শুভ। আৰ্থিক ক্ষেত্ৰত সাৱধান হ’ব । যান-বাহনৰ পৰা সাৱধানে থাকিব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব। শুভ সংখ্যা ৭, শুভ ৰং নীলা।

মকৰ- নতুন বাহন ক্ৰয় কৰিব পাৰিব। বিবাহক লৈ যদি কোনো কথা চলি আছে তেনেহলে আজি সকলো সমাধান হ’ব। প্ৰিয় জনৰ পৰা কোনো উপহাৰ লাভ। শুভ সংখ্যা ৯, শুভ ৰং ৰঙা।

কুম্ভ- আজি ধন লাভ কৰিব। কোনো পুৰনা বন্ধুক লগ পাব। ঘৰত সুন্দৰ পৰিৱেশ থাকিব। ব্যৱসায়ত মধ্যমীয়া। শুভ সংখ্যা ১, শুভ ৰং গাঢ় নীলা।

মীন- শিক্ষাৰ্থী সকলে বিদ্যাৰ বাবে বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। কামত এলাহ ভাৱ আহিব। কৰ্মক্ষেত্ৰত সাৱধান হ’ব। শুভ সংখ্যা ৫, শুভ ৰং বগা।