
ব্যৱসায়ীৰ পৰা চাকৰিয়াল লৈকে আহিব নেকি নতুন সুযোগ ; জানিবলৈ পঢ়ক আজিৰ ৰাশিফল
মেষ-খ্যাতি প্ৰতিপত্তি বাঢ়িব। দীৰ্ঘম্যাদী কোনো লক্ষ্য পুৰণৰ বাবে বৰ্তমান সুখ বিলাস ত্যাগ কৰিব লাগিব পাৰে। শুভ সংখ্যা ২ ,শুভ ৰং বগা।
বৃষ- বেলেগৰ বেয়া চিন্তা বৰ্জন কৰক। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। আজি আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ সুযোগ পাব। শুভ সংখ্যা ৮ , শুভ ৰং বাদামী।
মিথুন- ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। ঘৰলৈ অতিথিৰ আগমণ হ’ব। প্ৰেমত সাৱধান হ’ব। শুভ সংখ্যা ১,শুভ ৰং গোলপীয়া।
কৰ্কট- ধৈৰ্য আৰু সহনশীলতা বজাই ৰাখিব লাগিব। কোনো খৰখেদা নকৰিব। আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে।শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।
সিংহ-সৰু-সুৰা কথাত খং নকৰিব | প্ৰয়োজন বুজি খৰচ কৰক | আপোনাৰ প্ৰেমে আজি পূৰ্ণতা লাভ কৰিব | ব্যৱসায়ীৰ বাবে আজি এটা ভাল দিন। শুভ সংখ্যা ৩ , শুভ ৰং মেৰুণ |
কন্যা – শৰীৰে নাটানিলে জোৰ কৰি কোনো কামত হাত নিদিব | পৰিয়ালৰ লোকক সময় দিয়ক | আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই নতুন বাট দেখুৱাব | শুভ সংখ্যা ৫, শুভ ৰং আকাশী |
তুলা – দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব পাৰে।সাৱধানতা অৱলম্বন কৰিব | বিবাহৰ কথা আগবাঢ়িব | শুভ সংখ্যা ৭ , শুভ ৰং নীলা |
বৃশ্চিক – নতুন সুযোগ অহাৰ সম্ভাৱনা আছে | কষ্ট কৰাৰ ফল লাভ কৰিব | ঘনিষ্ঠৰ লোকৰ সৈতে সময় পাৰ কৰিব | শুভ সংখ্যা ৯, শুভ ৰং সেউজীয়া |
ধনু- কাকোৱে নিজৰ স্থান এৰি নিদিব | কাম পেলাই ৰাখিলে সফলতা নাহিব, গতিকে পূৰণ কৰাৰ লক্ষ্য বান্ধি লওক।শুভ সংখ্যা ৬, শুভ ৰং ৰূপালী |
মকৰ – নিজৰ অধিকাৰৰ বাবে যুঁজিব লাগিব | আৰ্থিক বিনিয়োগৰ পূৰ্বে সকলো দিশ ভালদৰে চালিজাৰি চাবলৈ নাপাহৰিব। শুভ সংখ্যা ১, শুভ ৰং বগা|
কুম্ভ – দিনটে ব্যস্ততাৰে পাৰ হ’ব | আজি মূল্যবান বস্তু ক্ৰয় নকৰিব | দাম্পত্যত সাৱধন হ’ব | শুভ সংখ্যা ৩, শুভ ৰং মুগা |
মীন – সকলো কামতে আত্মবিশ্বাস ৰাখিব | যি কোনো কামতে ঘৰৰ জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ লওক | ঘনিষ্ঠ কাৰোবাৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা | শুভ সংখ্যা ৬ , শুভ ৰং গাঢ় নীলা |