কি আছে ভাগ্যত , আহিব নেকি কোনো ডাঙৰ সুযোগ, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

0
8931

কি আছে ভাগ্যত , আহিব নেকি কোনো ডাঙৰ সুযোগ, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

মেষ – দিনটোত কৰ্মব্যস্ততা বৃদ্ধি পাব |হুৰমুৰকে কোনো সিদ্ধান্ত নল’ব। পানীৰ পৰা সাৱধান থাকিব | শুভ সংখ্যা ৩ , শুভ ৰং হালধীয়া |

বৃষ – কাম-কাজৰ পৰিসৰ বৃদ্ধি পাব। স্বাস্থ্য ভালে নাযাব | খৰচৰ মাত্ৰা বৃদ্ধি হ’ব । শুভ সংখ্যা ৮, শুভ ৰং আকাশী।

মিথুন – মনৰ পৰা ভয় অৱসাদ আতৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। প্ৰেমত শুভ | শুভ সংখ্যা ৫ , শুভ ৰং বাদামী |

কৰ্কট – দিনটো কিছু কঠিন হ’ব | যদি কোনো নতুনকৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে এতিয়া নকৰিব | শুভ সংখ্যা ১ , শুভ ৰং বগা |

সিংহ – দিনটো শুভ।যিকোনো কামৰ বাবে নিজৰ ওপৰত ভৰষা ৰাখক। লক্ষ্যত সফল হ’ব | স্বাস্থ্যৰ প্ৰতি সাবধান হ’ব| শুভ সংখ্যা ৬, শুভ ৰং কমলা |

কন্যা – কৰ্মব্যস্ততা বৃদ্ধি পাব। আত্মীয়ৰ সৈতে মনোমালিন্য হ’ব পাৰে। হাতলৈ ধন আহিব | শুভ সংখ্যা ২, শুভ ৰং সোণালী |

তুলা – দুৰ ভ্ৰমণৰ যদি পৰিকল্পনা কৰি আছে তেনেহলে অতি শীঘ্ৰে তাৰ পূৰণতা পাব। শিক্ষাৰ্থী সকলে কোনো পৰীক্ষাত সফলতা লাভ কৰিব | শুভ সংখ্যা ৭, শুভ ৰং নীলা |

বৃশ্চিক – সফলতা লাভ কৰিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। দাম্পত্যত কাজিয়াৰ সম্ভাৱনা | শুভ সংখ্যা ৪, শুভ ৰং ৰূপালী |

ধনু- দিনটো মধ্যমীয়া। প্ৰেমত সকলো সঠিকভাৱে নাযাব | ব্যৱসায়ী সকলৰ বাবে অতি উত্তম | স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব | শুভ সংখ্যা ২, শুভ ৰং মেৰুণ |

মকৰ – কৰ্মজীৱনত প্ৰসংশা লাভ কৰিব | খং-ৰাগ বৃদ্ধি পাব। বুকুৰ বিষ হ’ব পাৰে | শুভ সংখ্যা ৫ , শুভ ৰং আকাশী |

কুম্ভ – আজি আপুনি কোনো সমস্যাৰ সমাধান লাভ কৰিব। হাতত থকা পইচা হেৰুৱাৰ সম্ভাৱনা | শুভ সংখ্যা ২ , শুভ ৰং গোলপীয়া |

মীন- বৈবাহীক জীবনত যদি কোনো কথাত কিবা সমস্যা চলি আছে তেনেহলে আজি সকলো থিক হ’ব। চৰ্দি জ্বৰ হ’ব পাৰে | শুভ সংখ্যা ৮, শুভ ৰং সেউজীয়া |