
এই ৰাশি লোকৰ বাবে কিবা ভাল খবৰে অপেক্ষা কৰিছে নেকি ; জানিবলৈ পঢ়ক আজিৰ ৰাশিফল
মেষ- দৈনন্দিন কামবোৰ পৰিচালনা কৰিবলৈ সহজ হ’ব | হঠাতে কাকো প্ৰতিশ্ৰুতি নিদিব | ভ্ৰমণৰ সম্ভাৱনা আছে | শুভ ৰং বাদামী,শুভ সংখ্যা ৭ |
বৃষ – মনে বিচৰা ধৰণে কামবোৰ কৰি বৰঞ্চ| হেৰুওৱা কিবা বস্তু বিচাৰি পোৱাৰ সম্ভাৱনা অধিক | শুভ ৰং বগা , শুভ সংখ্যা ১|
মিথুন – দিনটোত দায়িত্ব বাঢ়িব | ব্যৱসায়ত লাভৰ মুখ দেখিব | জুইৰ পৰা সাৱধানে থাকিব | শুভ ৰং আকাশী , শুভ সংখ্যা ৫ |
কৰ্কট – কামৰ পৰা কিছু সময়ৰ বাবে বিৰতি লোৱাৰ দৰকাৰ | কিছুমান অপ্ৰত্যাশিত সমস্যাৰে দিনটো পাৰ হ’ব | শুভ ৰং গোলপীয়া, শুভ সংখ্যা ২ |
সিংহ – আজি তৎক্ষণাত কোনো সিদ্ধান্ত নল’ব, ভালদৰে ভাবি–চিন্তিহে সিদ্ধান্ত ল’ব। প্ৰেমত বাধা থাকিব পাৰে | শুভ ৰং নীলা , শুভ সংখ্যা ৮ |
কন্যা – সহজতে বিভিন্ন বিষয়ত তথ্য লাভ কৰিব | কাৰোবাক বিশ্বাস কৰাৰ পূৰ্বে আবেগক নিয়ন্ত্ৰণত ৰাখক। শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া | শুভ ৰং ৰঙা , শুভ সংখ্যা ৩ |
তুলা – কামত অত্যাধিক চাপ থাকিব | বন্ধুৰ পৰা সহাস পাব | আজি কাকো পইচা ধাৰলৈ নিদিব | শুভ ৰং সেউজীয়া , শুভ সংখ্যা ৬ |
বৃশ্চিক – কামৰ মাজেৰে জীৱনলৈ সফলতা আহিব | কিবা অপছন্দ হ’লে সেয়া খোলাকৈ কওক | প্ৰেমত সাৱধান হ’ব | শুভ ৰং মেৰুণ , শুভ সংখ্যা ৪ |
ধনু – কৰ্মক্ষেত্ৰত চকু–কাণ খোলা ৰাখক, সজাগ হৈ থাকক | বাহনৰ পৰা সাৱধানে থাকিব | পেটৰ সমস্যাই দেখা দিব পাৰে | শুভ ৰং মুগা , শুভ সংখ্যা ৯ |
মকৰ – আনকো কথা কোৱাৰ সুযোগ দিয়ক | নিজৰ সিদ্ধান্ত বেলেগৰ ওপৰত জাপি নিদিব | ৰাজনীতিবিদ সকলৰ বাবে শুভ | শুভ ৰং ৰূপালী , শুভ সংখ্যা ৭ |
কুম্ভ – ঘৰত বিভ্ৰান্তিকৰ পৰিৱেশ হ’ব পাৰে | খং পৰিহাৰ কৰিব | খৰছৰ মাত্ৰা বাঢ়িব | শুভ ৰং মাখন , শুভ সংখ্যা ৫ |
মীন – নতুন প্ৰত্যাহ্বান আহিব | ভাবি থকা সকলো কাম হৈ নুঠিবও পাৰে | ভ্ৰমণত খেলিমেলি হ’ব | শুভ ৰং সোণালী , শুভ সংখ্যা ৮ |