
কেনে যাব আজি আপোনাৰ দিনটো , জানিবলৈ পঢ়ক আজিৰ ৰাশিফল
মেষ- কাৰোবাৰ আগত আপোনাৰ চিন্তা প্ৰকাশ কৰিবলৈ দ্বিধা নকৰিব| দীৰ্ঘদিনিয়া সমস্যাৰ পৰা মুক্তি লাভ কৰিব | শুভ সংখ্যা ৪, শুভ ৰং বগা।
বৃষ- ধনৰ লালসা বৃদ্ধি পাব। হুৰমুৰকে কোনো সিদ্ধান্ত নল’ব। যান বাহনৰ পৰা সাৱধানে থাকিব। শুভ সংখ্যা ১, শুভ ৰং নীলা।
মিথুন- কাম-কাজৰ পৰিসৰ বৃদ্ধি পাব। নতুন কামৰ সুবিধা লাভ কৰিব | ভ্ৰমণৰ সম্ভাৱনা অধিক। খৰচৰ মাত্ৰা বৃদ্ধি হ’ব । শুভ সংখ্যা ৮, শুভ ৰং আকাশী।
কৰ্কট- আজি আপুনি কোনো সমস্যাৰ সমাধান লাভ কৰিব। কোনো মূল্যবান সম্পদ চুৰি হ’ব পাৰে| কবি-সাহিত্যিকৰ বাবে দিনটো শুভ। শুভ সংখ্যা ২, শুভ ৰং সোণালী।
সিংহ- মনৰ পৰা ভয় অৱসাদ আতৰিব। ঘৰলৈ আলহীৰ আগমন হ’ব। অন্ধবিশ্বাসে ক্ষতি কৰিব। ব্যৱসায়ত লাভৰ মুখ দেখিব। শুভ সংখ্যা ৭, শুভ ৰং বাদামী।
কন্যা- ভৱিষ্যতক লৈ কোনো সিদ্ধান্ত ললে আজি সফল হ’ব। ঘৰত আনন্দৰ পৰিৱেশে বিৰাজ কৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ সংখ্যা ৩, শুভ ৰং ৰঙা।
তুলা- যিকোনো বিত্তীয় সম্পৰ্কীয় কাম কৰাৰ আগতে সঠিকভাৱে চিন্তা কৰিব। অলসতা আৰু অৱাবত সময় নষ্ট নকৰিব।শুভ সংখ্যা ৬,শুভ ৰং সেউজীয়া।
বৃশ্চিক- পৰিয়ালৰ লগত এটা সুন্দৰ দিন পাৰ হ’ব। বেলেগৰ কথাত হস্তক্ষেপ নকৰিব। হাতলৈ পইচা আহিব। প্ৰেমত শুভ। শুভ সংখ্যা ১, শুভ ৰং মুগা।
ধনু- ঘৰলৈ নতুন আলহী আহিব | শৰীৰৰ যত্ন লওক। পানীৰ পৰা সাৱধানে থাকিব। হতাশা আতৰ হ’ব। শুভ সংখ্যা ৯, শুভ ৰং মাখন।
মকৰ- দুৰ ভ্ৰমণৰ যদি পৰিকল্পনা কৰি আছে তেনেহলে অতি শীঘ্ৰে তাৰ পূৰণতা পাব। বৈবাহীক জীবনত যদি কোনো কথাত কিবা সমস্যা চলি আছে তেনেহলে আজি সকলো থিক হ’ব। শুভ সংখ্যা ২, শুভ ৰং সেউজীয়া।
কুম্ভ- যিটো কামৰ বাবে আপুনি বহু দিনৰ পৰা চেষ্টা কৰি আছিলে সেই কামটোৱে আজি সফলতা লাভ কৰিব। কোনো ভাল খবৰ আহিব।শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।
মীন- সফলতা লাভ কৰিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শিক্ষাৰ্থীৰ বাবে মধ্যম | শুভ সংখ্যা ৫, শুভ ৰং গোলপীয়া।