বিভিন্ন ৰোগত অতিকে প্ৰয়োজনীয় আদাৰ পাছে কিছুমান এনে অপকাৰী গুণ, গৰ্ভপাতৰ লগতে মৃত্যু পৰ্যন্ত কৰাব পাৰে
আদাক বিভিন্ন ধৰণে আমাৰ স্বাস্থ্যৰ বাবে এক উপকাৰী ঔষধ হিচাপে গণ্য কৰা হৈছে। ৰোগ সংক্ৰমণৰ পৰা সুৰক্ষা দিয়াৰ বাবেও আদা অতি গুণমান। আয়ুৰ্বেদ আৰু চিকিৎসা বিজ্ঞান দুয়োটাতেই আদাৰ স্বাস্থ্যৰ লাভালাভৰ কথা উল্লেখ আছে।
কিন্তু জানেনে যে. কিছুমান পৰিস্থিতিত আদা খোৱাটো শৰীৰৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে কিছুমান পৰিস্থিতিত আদাৰ পাৰ্শ্বক্ৰিয়া ইমান গুৰুতৰ হ’ব পাৰে যে ই কিছুমান লোকৰ মৃত্যুৰ লগতে গৰ্ভপাতো কৰাব পাৰে।
সেইকাৰণে সকলো লোককে নিৰ্দিষ্ট পৰিমাণত আদা খোৱাৰ বাবে কোৱা হয়। অত্যাধিক আদা খোৱাৰ ফলত পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।
আদাৰ প্ৰাৰম্ভিক পাৰ্শ্বক্ৰিয়া যেনে- বুকুজ্বলা, ডায়েৰিয়া, উফিৰ সমস্যা, পেটৰ সমস্যা আদি। সেয়ে দৈনিক ৫ গ্ৰামতকৈ অধিক আদা খোৱাৰ পৰা বিৰত থাকিবলৈ কয় চিকিৎসকে। কি কি সমস্যা হব পাৰে আদাৰ পৰা-
গৰ্ভধাৰণৰ সমস্যা
গৰ্ভৱতী মহিলাসকলেও আদা খাব পাৰে, ই তেওঁলোকৰ বাবেও সুৰক্ষিত বুলি গণ্য কৰা হয়। অৱশ্যে, এই সময়ছোৱাত ইয়াৰ পৰিমাণ জানি বুলি লোৱাটো প্ৰয়োজনীয়। কিছুমান অধ্যয়নত দেখা গৈছে যে গৰ্ভধাৰণৰ সময়ত অধিক আদা খোৱাটো কেঁচুৱা আৰু মাতৃ দুয়োৰে বাবে ক্ষতিকাৰক। কিছুমান পৰিস্থিতিত ৰক্তক্ষৰণ আৰু গৰ্ভপাতৰ আশংকা থাকিব পাৰে। গৰ্ভাৱস্থাৰ সময়ত আদা খোৱাৰ বিষয়ে চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব
নিম্ন-ৰক্ত শৰ্কৰাৰ সমস্যা
অধ্যয়নত দেখা গৈছে যে আদাত থকা যৌগবোৰে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি প্ৰতিহত কৰাত সহায় কৰে, কিন্তু যদি আপুনি ইয়াৰ পৰা অধিক লাভালাভ পাবলৈ অত্যাধিক আদা সেৱন কৰি আছে, তেনেহ’লে ইয়াৰ ফলত নিম্ন ৰক্ত শৰ্কৰাৰ সমস্যা হোৱাৰ আশংকা থাকে। ৰক্ত শৰ্কৰাৰ পৰিমাণ কম হ’লে, মূৰ ঘূৰোৱা, ভাগৰ লগা আৰু মূৰ্চ্ছা যোৱা আদি সমস্যা হ’ব পাৰে। সেয়ে সঠিক পৰিমাণত খাব আদা।
হৃদযন্ত্ৰৰ সমস্যা
আদাত থকা ঔশধীয় গুণাগুণে ইয়াক হৃদৰোগীৰ বাবে উপকাৰী কৰি তোলে, কিন্তু ইয়াক অত্যাধিক সেৱন কৰিলে হৃদস্পন্দনত অনিয়ম, অস্পষ্ট দৃষ্টি শক্তি আৰু অনিদ্ৰাৰ দৰে সমস্যাৰ আশংকাও বৃদ্ধি হ’ব পাৰে।
সেয়ে সদায়ে কেৱল আদা বুলিয়ে নহয় সকলো খাদ্যই কম বা সঠিক পৰিমাণে খাব লাগে। নহলে হিতে বিপৰীত হোৱাৰ সমস্যাই দেখা দিয়ে।