
বিজেপিৰ পশ্চিমবংগৰ সভাপতি দিলীপ ঘোষে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাসকলক ‘কুকুৰৰ দৰে গুলীয়াই মাৰা’ বুলি কৰা মন্তব্যৰ পিছতে ৰাজ্য-দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ।
‘এইজন মানুহৰ মগজুৰ গণ্ডগোল আছে। ভগৱানৰ লগত তুলনা কৰা ছহীদক এনেধৰণৰ কৰা মন্তব্যক গৰিহণা তামুলপুৰ সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকাৰ। বিজেপিৰ সভাপতিগৰাকীক পগলা ফাটেকক থব লাগে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পূৰ্ণ ডেকাই।

বিজেপিৰ পশ্চিমবংগৰ সভাপতি দিলীপ ঘোষৰ মন্তব্যক লৈ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰণ্টু ভূঞা আৰু অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ। দিলীপ ঘোষক পাগল আখ্যা। গণতান্ত্ৰিক আন্দোলনক বাৰে বাৰে তাচ্ছিল্য কৰি থাকিলে অগণতান্ত্ৰিক পন্থা লোৱাৰো হুংকাৰ। জাতি ৰক্ষাৰ আন্দোলনক সন্মান প্ৰদান কৰিবলৈ আহ্বান জনাই ছাত্ৰ সমাজে।
অসমৰ ছহিদক বিজেপিৰ পশ্চিম বংগৰ সভাপতিয়ে কুকুৰৰ সৈতে তুলনা কৰি কুকুৰৰ দৰে গুলীয়াই মাৰা বুলি কৰা মন্তব্য সন্দৰ্ভত সদৌ শোণিতপুৰ জিলাৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনোজ দাসৰ লগতে শিল্পী ভাস্কৰ মৌনসৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
বিজেপি সভাপতিগৰাকীৰ মন্তব্য সন্দৰ্ভত মাজুলী মহকুমা ছাত্ৰ সন্থাৰো প্ৰতিক্ৰিয়া।
পশ্চিমবংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষৰ বিতৰ্কিত মন্তব্যক লৈ লখিমপুৰৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিক্ৰিয়া। এনে বৰ্বৰ আৰু অসাংবিধানিক বক্তব্য প্ৰদান কৰা দিলীপ ঘোষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰক এয়া চৰকাৰ আৰু বিজেপি দলৰ বক্তব্য হয় নে নহয়? প্ৰত্যাহ্বান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামৰ।

ইফালে বিজেপিৰ পশ্চিমবংগৰ সভাপতি দিলীপ ঘোষৰ মন্তব্যক কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই দায়িত্বহীন বুলিও কয়। ঘোষে কৈছিল যে যিকেইখন ৰাজ্যত বিজেপিৰ চৰকাৰ আছে, তাত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাসকলক আমি কুকুৰৰ দৰে গুলী মাৰি হত্যা কৰিছো। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সুপ্ৰিয়ই ক’লে যে ‘দিলীপ দাই যি কথা কৈছে সেয়া দায়িত্বহীন। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে লিখিলে যে দিলীপ ঘোষে যি কথা কৈছে, তাৰ সৈতে বিজেপিৰ কোনো লেন দেন নাই।
লগতে তেওঁ ক’লে যে এয়া তেওঁৰ কল্পনা। উত্তৰ প্ৰদেশ আৰু অসম চৰকাৰে কেতিয়াও কাকো গুলী মৰাৰ উপায় অৱলম্বন কৰা নাই, কাৰণ যিয়ে নহওক।
Photo credit: newsnation.in