এনডিটিভি এৰিলে ৰৱীশ কুমাৰে! প্ৰণ্নয় ৰয় আৰু ৰাধিকা ৰয়ৰ পাছত এইবাৰ চেনেলটোৰ পৰা পদত্যাগ কৰিলে মেগচেছে বঁটা বিজয়ী সাংবাদি গৰাকীয়ে

0
86

এনডিটিভি এৰিলে ৰৱীশ কুমাৰে! প্ৰণ্নয় ৰয় আৰু ৰাধিকা ৰয়ৰ পাছত এইবাৰ চেনেলটোৰ পৰা পদত্যাগ কৰিলে মেগচেছে বঁটা বিজয়ী সাংবাদিগৰাকীয়ে।

পুনৰ এন ডি টিভি এৰিলে ৰৱীশ কুমাৰে। মঙলবাৰে চেনেলটোৰ প্ৰতিষ্ঠাপক প্ৰণ্ণয় ৰয় আৰু ৰাধিকা ৰয়ে পদত্যাগ কৰাৰ এদিন পাছতে এই সিদ্ধান্ত লয় ৰমন মেগচেছে বঁটা বিজয়ী জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

ৰৱীশ কুমাৰৰ পদত্যাগৰ কথা এনডি টিভিয়ে নিশ্চিত কৰিছে। এনডি টিভি গ্ৰুপৰ সভাপতি সুপৰ্ণা সিঙে কয় যে খুব কমসংখ্যক সাংবাদিকেহে ৰৱীশ কুমাৰৰ দৰে জনসাধাৰণৰ মাজত প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

সভাপতিগৰাকীয়ে ৰৱীশ কুমাৰক প্রশংসা কৰি পদত্যাগ নিশ্চিত কৰে। ”কেইবাদশকধৰি ৰৱীশ কুমাৰ এনডিটিভিৰ অভিন্ন অংগ হৈ আহিছে। এনডিটিভিৰ প্ৰতি ৰৱীশ কুমাৰৰ অৱদান অপৰিসীম।’’

সুপৰ্ণা সিঙে কয় যে, ”আমি জানো যে তেওঁৰ পৰৱৰ্তী পদক্ষেপত বৃহৎ সফলতা লাভ কৰিব।’’ উল্লেখ্য যে সাংবাদিকতাৰ জৰিয়তে প্ৰচুৰ জনসমাদৰ লাভ কৰি অহা ৰৱীশ কুমাৰে ইতিমধ্যে ৰমন মেগচেছে বঁটাৰে সন্মানিত হৈছে।

ইয়াৰ উপৰিও ৰামনাথ গোৱেংকা এক্সিলেন্স ইন জাৰ্নালিজিম এৱাৰ্ডেৰে দুবাৰকৈ সন্মানিত হৈছে সাংবাদিকগৰাকীয়ে। এনিডিটিভিৰ যোগেৰে তেওঁৰ অনুষ্ঠান হাম লোগ, ৰৱীশ কী ৰিপ’ৰ্ট, দেশ কী বাত, প্ৰাইম টাইমে অশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

আনহাতে, প্ৰণয় ৰয় আৰু তেওঁৰ পত্নী ৰাধিকা ৰয়ে মঙলবাৰে দ্যা বৰ্ড অৱ পিআৰপিআৰ হ’ল্ডিং প্ৰাইভেট লিমিটেডৰ সঞ্চালকৰ পদ ত্যাগ কৰিছে। তেওঁলোকৰ স্থানত ততালিকে সুদীপ্ত ভট্টাচাৰ্য, সঞ্জয় পুগালিয়া আৰু সেন্থিল সিন্নিয়াহ চেংগালভাৰায়নক নিযুক্ত কৰা হৈছে।

এনডিটিভিত এইদৰে পদত্যাগৰ মূল কাৰণ চেনেলটোৰ মালিকীস্বত্ব গৌতম আদানীৰ হাতলৈ গৈছে বুলি জানিব দিয়ে।