এক প্ৰচণ্ড কামোৰ, লক্ষ্য দুয়োৰে একেই…ৰবি ডাহিয়াৰ মন্তব্য-সি মোৰ বন্ধু, সিয়ো দেশৰ হৈ যুঁজ দি আছিল

0
3494
এক প্ৰচণ্ড কামোৰ, লক্ষ্য দুয়োৰে একেই…ৰবি ডাহিয়াৰ মন্তব্য-সি মোৰ বন্ধু

এক প্ৰচণ্ড কামোৰ, লক্ষ্য দুয়োৰে একেই…ৰবি ডাহিয়াৰ মন্তব্য-সি মোৰ বন্ধু, সিয়ো দেশৰ হৈ যুঁজ দি আছিল

টকিঅ অলিম্পিকৰ ৰোমাঞ্চকৰ বিশ্বজয়ৰ খেলৰ সমাপ্তি ঘটিলেও কিছু ঘটনা সকলোৰে মনত এতিয়াও সজীৱ। তাৰেই ভিতৰত কিছুমানে বিশ্বৰেই আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছিল। বিবাদৰ আনি দিছিল কিছু ঘটনাই, তাৰেই মাজত এটা আছিল মল্লযুঁজৰ এক প্ৰচণ্ড কামোৰ ।

চূড়ান্ত প্ৰতিযোগিতাত প্ৰৱেশৰ বাবে দুই খেলুৱৈৰ মাজত হৈছিল প্ৰচণ্ড যুঁজ। কোনেও কাকো এৰি নিদিয়ে। শেষত এজনে দিলে প্ৰচণ্ড কামোৰ। পিছে সেই কামোৰ সহ্য কৰিও আগুৱাই গৈছিল ভাৰতৰ ৰূপ জয়ী ৰবি কুমাৰ ডাহিয়া।

সদ্যহতে ৰবিয়ে সেই সন্দৰ্ভত কয় যে, কাজাখাস্তানৰ প্ৰতিদ্বন্দ্বি নুৰিছলাম চানায়েভে সেয়া কোনো বিবাদৰ কাম কৰা নাই। সিয়ো তাৰ দেশৰ হৈ খেলি আছিল। তাৰো সপোন আছিল পদক লাভৰ। সি মোৰ ভাল বন্ধু। এয়া কোনো বিবাদ নহয়।

যি কাণ্ডক সমগ্ৰ দেশেই বিবাদৰ সৃষ্টি কৰিছিল। একেবাৰে লাজৰ কথা বুলি কৈছিল কামোৰৰ সেই ঘটনাক। কাজাখাস্তানৰ খেলুৱৈগৰাকীৰ বিৰুদ্ধে সকলোৱে খৰ্গহস্ত হৈছিল। পিছে তাৰ উত্তৰত ৰবিয়ে কয় , সেয়া সকলো ভাৱনাৰ খেল। যিহেতু দুয়োজনেই দেশৰ হৈ খেলি আছিলো।

সি মোৰ ভাল বন্ধু, খেলৰ পিছৰ দিনা সি আহি মোৰ ক্ষমাও বিচাৰিছিল। সেয়ে ইয়াৰ ওপৰত বেছি মন দিবলৈ দেশ বাসীক মানা কৰে অলিম্পিকৰ মল্লযুঁজত ৰূপৰ পদক জয়ী ৰবি কুমাৰ ডাহিয়াই।

আৰু পঢ়ক : একেনিশাই ৪খন বিদ্যালয়ত চুৰিকাণ্ড, ৰেহাই নাপালে প্ৰধান শিক্ষকৰ বাসগৃহও