26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    টুইটাৰত ৰতন টাটৰ বাবে ‘ভাৰত ৰত্ন’ৰ দাবী উঠাই লোৱাৰ অনুৰোধ উদ্যোগপতি গৰাকীৰ

    দেশৰ এগৰাকী প্ৰতিষ্ঠিত উদ্যোগপতি ৰতন টাটা। টুইটাৰত বহু সময়ত বিভিন্ন বিষয় ট্ৰেণ্ডিঙত চলি থকা দেখা যায়। ইয়াৰ মাজতে দেখা যায় যে ৰতন টাটাৰ বাবে ভাৰত ৰত্নৰ দাবী কৰি একাংশ লোকে টুইট কৰে । এই টুইট ট্ৰেণ্ডিঙত থকাও পৰিলক্ষিত হোৱাও দেখা যায়।

    এই সন্দৰ্ভত ৰতন টাটই কয় যে তেওঁ ভাৰতীয় হিচাপে নিজকে ভাগ্যশালী বুলি মানে আৰু তেওঁ দেশৰ বৃদ্ধি আৰু সমৃদ্ধিত যোগদান দিবলৈ পালে সুখী হয়।

    টাটাৰ বাবে ভাৰতৰত্নৰ যি দাবী কৰিছে একাংশই সেয়া বন্ধ কৰিবলৈ আহ্বান জনাই উদ্যোগপতি গৰাকীয়ে।ছ’চিয়েল মিডিয়াত টাটাক ভাৰতৰ সকলোতকৈ ডাঙৰ বঁটা দিয়াৰ দাবী কৰা হৈছিল।

    টুইটৰ জৰিয়তে ৰতনটাটাই কয় যে ”ছ’চিয়েল মিডিয়াত আৰম্ভ হোৱা এই অভিযানক মই সন্মান কৰো। মই তেওঁলোকক বিনম্ৰ অনুৰোধ কৰো যে এই অভিযান বন্ধ কৰক ”।

    আৰু পঢ়ক : অন্ধবিশ্বাসৰ বলি হৈ বোৱাৰীয়েকে ডিঙি ৰেপি বলি দিলে শহুৰেকক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং