ডাঙৰ দায়িত্ব; পি এম কেয়াৰ্ছ ফাণ্ডৰ ট্ৰাষ্টী হিচাপে নিযুক্তি ৰতন টাটাক

0
54
দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ'ব পাৰে ৰতন টাটা! অহা বছৰত অন্ত পৰিব ৰামনাথ

বুধবাৰে পি এম কেয়াৰ্ছ ফাণ্ডৰ ট্ৰাষ্টী হিচাপে নিযুক্তি দিয়া হয় টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাক। টাটাৰ উপৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ আৰু লোকসভাৰ প্ৰাক্তন উপাধ্যক্ষ কৰিয়া মুণ্ডাকো পি এম কেয়াৰ্ছ ফাণ্ডৰ ট্ৰাষ্টী হিচাপে নিযুক্তি দিয়া হৈছে।

এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা নিশ্চিত কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত মঙলবাৰে পি এম কেয়াৰ্ছ ফাণ্ডৰ বোৰ্ড অৱ ট্ৰাষ্টীৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও এই বৈঠকত অংশগ্ৰহণ কৰে।

শ্বাহ আৰু সীতাৰমণো পি এম কেয়াৰ্ছ ফাণ্ডৰ ট্ৰাষ্টী। এই সভাতে ৰতন টাটা, কে টি থমাছ আৰু কৰিয়া মুণ্ডাক পুঁজিৰ নতুন ট্ৰাষ্টী হিচাপে নিযুক্তি দিয়া হয়।

ইয়াৰ উপৰি ট্ৰাষ্টৰ সদস্যসকলে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক লৈ পি এম কেয়াৰ্ছ ফাণ্ডৰ পৰামৰ্শদাতা মণ্ডলী গঠন কৰে। ইয়াৰ ভিতৰত আছে ভাৰতৰ প্ৰাক্তন চি এ জি ৰাজীৱ মেহঋষি, ইনফ’ছিছ ফাউণ্ডেশ্যনৰ প্ৰাক্তন অধ্যক্ষ সুধা মূৰ্তি আৰু ইণ্ডিয়া কৰ্পছ আৰু পিৰামল ফাউণ্ডেশ্যনৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আনন্দ শ্বাহ।

উল্লেখ্য যে যিকোনো ধৰণৰ জৰুৰীকালীন বা সংকটজনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায় আৰু জৰুৰীকালীন পৰিস্থিতি সাহায্য পুঁজি (পি এম কেয়াৰ্ছ ফাণ্ড) স্থাপন কৰা হৈছিল।

ইয়াৰ পূৰ্বে মোদীয়ে জনসাধাৰণক পি এম কেয়াৰ্ছ ফাণ্ডত বৰঙণি আগবঢ়োৱা সকলো লোককে ধন্যবাদ জ্ঞাপন কৰে।

মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা পি এম কেয়াৰ্ছ ফাণ্ডৰ ব’ৰ্ড অৱ ট্ৰাষ্টীৰ বৈঠকখনত পি এম কেয়াৰ্ছ ফাণ্ডৰ সহায়ত লোৱা বিভিন্ন পদক্ষেপৰ বিৱৰণ দাঙি ধৰা হয়, য’ত পি এম কেয়াৰ ফৰ চিলড্ৰেন আঁচনিও অন্তৰ্ভুক্ত কৰা হয়।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই আঁচনিৰ জৰিয়তে ৪৩৪৫ গৰাকী শিশু উপকৃত হৈছে।

উল্লেখ্য যে, ২০২১ চনৰ ২৯ মে’ত শিশুৰ বাবে পি এম কেয়াৰ্ছ ফৰ চিলড্ৰেন আঁচনি আৰম্ভ কৰা হৈছিল। ইয়াৰ লক্ষ্য হৈছে ২০২০ৰ ১১ মাৰ্চৰ পৰা আৰম্ভ হোৱা ক’ভিডৰ ফলত যিসকল শিশুৱে পিতৃ-মাতৃ বা আইনী অভিভাৱকক হেৰুৱাইছে তেওঁলোকক সহায় কৰা।