নিজৰ দেহৰ ঘামেৰে মালিচ কৰা বাবে মোৰ চেহেৰা উজ্জ্বল, ক’লে নৰেন্দ্ৰ মোদীয়ে

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুসকলক সম্বোধি ক'লে যে, কিছু সময় পূৰ্বে আপোনালোকৰ সৈতে যেতিয়া পৰিচয় হৈ আছিল সেই সময়ত মই ভাবিছিলো ইমান কম বয়সত আপোনালোক প্ৰত্যেকে পৃথক পৃথক ক্ষেত্ৰত যি চেষ্টা কৰিছে, যি কাম কৰিছে, সেয়া অদ্ভুত

0
61

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰষ্কাৰ ২০২০’ৰ ৪৯ টা শিশু বিজয়ীৰ সৈতে কথোপকথন হয়। সেই সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে শিশুসকলক কয় যে মই নিজৰ শৰীৰৰ পৰা ওলোৱা ঘামেৰে মুখৰ মালিচ কৰো আৰু ইয়াৰ বাবে মোৰ চেহেৰা উজ্জ্বল। শিশুসকলক সম্বোধন কৰি নৰেন্দ্ৰ মোদীয়ে কয় যে আপোনালোকে যি কাম কৰিছে, সেই কাম কৰাৰ কথা বাদ দিয়ক, সেয়া ভৱাটো এটা ডাঙৰ পৰীক্ষা।

নিজৰ ভাষণত এটা কথা উল্লেখ কৰি নৰেন্দ্ৰ মোদীয়ে কয় যে, বহু বছৰ পূৰ্বে কোনো এজন লোকে সুধিছিল যে আপোনাৰ চেহেৰা ইমান সতেজ হৈ থকাৰ কাৰণ কি? তেতিয়া মই তেওঁক এটা সহজ উত্তৰ দিছিলো। মই কৈছিলো যে মই ইমান কষ্ট কৰো যে মোৰ শৰীৰৰ পৰা বহুত ঘাম ওলাই আৰু মই সেই ঘামেৰে মালিচ কৰো নিজৰ দেহ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুসকলক সম্বোধি ক’লে যে, কিছু সময় পূৰ্বে আপোনালোকৰ সৈতে যেতিয়া পৰিচয় হৈ আছিল সেই সময়ত মই ভাবিছিলো ইমান কম বয়সত আপোনালোক প্ৰত্যেকে পৃথক পৃথক ক্ষেত্ৰত যি চেষ্টা কৰিছে, যি কাম কৰিছে, সেয়া অদ্ভুত। তেওঁ ক’লে এক প্ৰকাৰ এয়া জীৱনৰ আৰম্ভণি। আপোনালোকে বিপদৰ সময়ত সাহসিকতা প্ৰদৰ্শন কৰিছে।

উল্লেখ্য যে বিভিন্ন ক্ষেত্ৰত শিশুসকলৰ আকৰ্ষণীয় উপলব্ধি সমূহৰ বাবে প্ৰতিবছৰে চৰকাৰে তেওঁলোকক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰষ্কাৰ প্ৰদান কৰে।

Photo credit: ivehindustan.com