বিহুৰ দিনাই হোজাইত বৃদ্ধ লম্পটৰ কামনাৰ বলি এটি শিশু

0
208
বিহুৰ দিনাই হোজাইত বৃদ্ধ লম্পটৰ কামনাৰ বলি এটি শিশু

বিহুৰ দিনাখনেই আহিছে এটি বেয়া খবৰ ৷ হোজাইৰ দেৱস্থানত সংঘটিত হৈছে চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড। বৃদ্ধ লম্পটৰ কামনাৰ বলি হৈছে এটি শিশু৷ হৰিপদ দেৱনাথ নামৰ এটা লম্পট বৃদ্ধৰ কামনাৰ বলি হৈছে শিশুটি ৷

ধৰ্ষণ কাণ্ড সংঘটিত কৰা হৰিপদ দেৱনাথৰ বয়স ৬৫ বছৰ। নিজৰ দোকান ঘৰৰ ভিতৰত ফুচলাই নি শিশুটিৰ লগত অপকৰ্ম কৰে হৰিপদ দেৱনাথে ৷

নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৃদ্ধ লম্পটটোক ৷ সোধ পোচত নিজে স্বীকাৰ কৰিলে ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ কথা। বৃদ্ধ লম্পটটোৰ ঘৰ কাৰ্বি আংলঙত বুলি জানিব পৰা গৈছে ৷ সমগ্ৰ ঘটনাই এতিয়া হোজাইত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ লম্পটটোৰ উচিত শাস্তীৰ দাবী তুলিছে স্থানীয় দল সংগঠনে ৷

আৰু পঢ়ক : বিহুৰ দিনাই নলবাৰী অসামৰিক চিকিৎসালয়লৈএম্বুলেঞ্চ দান বিধায়ক অশোক শৰ্মাৰ