ঢেকীয়াজুলিৰ শিঙৰীৰ বিশ্বকৰ্মা মন্দিৰ চৌহদত এগৰাকী কিশোৰীক ধৰ্ষণ কুটুবুদ্দিন নামৰ এটা লম্পটৰ। ধৰ্ষণৰ দৃশ্য স্থানীয় ৰাইজে কেমেৰাত বন্দী কৰি ধৰ্ষণকাৰীক শিঙৰী আৰক্ষীক চমজাই দিয়ে।
শিঙৰী আৰক্ষীয়ে ভুক্তভোগী কিশোৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰীক৷ আৰক্ষীয়ে c/no 577/19.u/s 376 IPC R/W See 5/6 posco act ৰ অধীনত গ্ৰেপ্তাৰ কৰে লম্পটটোক।
ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে ক’লে যে, মঙলবাৰে ঢেকীয়াজুলিৰ এৰাবাৰী গাঁবৰ কুটুবুদ্দিন নামৰ যুবকজনে কিশোৰীগৰাকীক ওৰাঙলৈ যোৱাৰ পথত ঢেকীয়াজুলিৰ দাংগাবস্তিত নিচাযুক্ত দ্ৰব্য খুবাই সামান্য অচেতন কৰি শিঙৰীৰ মন্দিৰ চৌহদলৈ লৈ আহি ধৰ্ষণ কৰে।