চৰকাৰী বিদ্যালয়ত ভয়ংকৰ ঘটনা ! শ্ৰেণী কোঠাত আৱদ্ধ কৰি ছাত্ৰীক ধৰ্ষণ

0
1832

চৰকাৰী বিদ্যালয়ত ভয়ংকৰ ঘটনা ! শ্ৰেণী কোঠাত আৱদ্ধ কৰি ছাত্ৰীক ধৰ্ষণ

মুম্বাইৰ এখন চৰকাৰী বিদ্যালয়ত ধৰ্ষণৰ এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। ১৩-১৪ বছৰ বয়সৰ চাৰিজন ল’ৰাই এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰে। জানিব পৰা মতে বিদ্যালয় খনত বাৰ্ষিক সমাৰোহ চলি আছিলে।

বাৰ্ষিক সমাৰোহৰ বাবে বিদ্যালয়খনৰ সকলো শিক্ষক আৰু শিক্ষাৰ্থী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আছিল। সেইটোৰে সুযোগ লৈ ছাত্ৰ চাৰিজনে ১৩ বছৰীয়া ছাত্ৰী জনক বলপূৰ্বক এটা শ্ৰেণীকোঠালৈ লৈ যায়।

চাৰিজন শিক্ষাৰ্থীৰ মাজৰ দুজনে শ্ৰেণীকোঠাৰ বাহিৰত পহৰা দি থিয় হৈ আছিল আৰু এজনে ছাত্ৰী গৰাকীক ধৰ্ষণ কৰিছিল। ঘটনাক লৈ ভুক্তভোগী ছাত্ৰী গৰাকীৰ পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰিছে।