23.5 C
Guwahati
Wednesday, October 20, 2021
More

    বিশ্বকৰ্মাৰ পূজাৰ দিনটোতে ৰাজ্যত কেইবাঠাইতো ধৰ্ষণৰ গোচৰ, আটক কেইবাজনো

    বিশ্বকৰ্মাৰ পূজাৰ দিনটোতে ৰাজ্যত কেইবাঠাইতো ধৰ্ষণৰ গোচৰ, আটক কেইবাজনো

    কালি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হয় বাবা বিশ্বকৰ্মাৰ পূজা। পিছে সেই পূজাৰ উলহ মাহলৰ মাজতে ৰাজ্যত কালিৰ দিনটোতে কেইবাঠাইতো সংঘটিত হয় ধৰ্ষণৰ ঘটনা। যি ঙটনাৰ গোচৰৰ ভিত্তিতে ইতিমধ্যে আটক হৈছে অপৰাধৰ অভিযোগ থকা সকল।

    হাজোৰ কোঁৱৰপুৰ বালাত ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই আটক হৈছে ৬৫ বছৰীয়া এজন লোক। আনহাতে নিশা বঙাইগাঁৱত নাৰী দেহ ব্যৱসায়ী চক্ৰৰ কবলত পৰে মহিলা। ধৰ্ষণৰ অভিযোগ, এজাহাৰ দাখিল মহিলাগৰাকীৰ।

    যোৱা নিশা নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। নাৰী দেহ ব্যৱসায়ী চক্ৰ এটাই স্থানীয় মহিলা এগৰাকীক কৌশলেৰে মাতি দি ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে।

    মহিলা গৰাকীয়ে প্ৰকাশ কৰামতে স্থানীয় জাহানাৰা খাতুন নামৰ মহিলা এগৰাকীয়ে তেঁওক তেঁওলোকৰ ঘৰত ফোনেৰে মাতি লৈ যায়

    পিছত মহিলা গৰাকীক জাহানাৰাৰ এটা গৃহত অচিনাক্ত ব্যক্তি এগৰাকীয়ে ধৰ্ষণ কৰে। মহিলা গৰাকীয়ে লম্পটটোৰ মুক্ত হবলৈ চিঞৰ বাখৰ কৰিছিল যদিও জাহানাৰাৰ পৰিয়ালৰ আন কেবাগৰাকী সদস্যই ভুক্তভোগী মহিলা গৰাকীক মাৰপিট কৰি ধৰ্ষণ কাৰ্যত সহযোগ কৰে।

    পিছত ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে স্থানীয় ৰাইজক সবিশেষ অৱগত কৰোৱাত নিশা ভাওলাগুৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয়।

    মহিলা গৰাকীক নিশাই স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে, আনহাতে নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলা গৰাকীয়ে ৭ জন লোকৰ বিৰুদ্ধে এজাহাৰ এখন দাখিল কৰিছে।

    তেঁওলোকৰ নাম ক্ৰমে, ভাওলাগুৰীৰ মঞ্জিলা খাতুন, মঞ্জিলাৰ স্বামী, জাহানাৰা খাতুন, আজিবৰ আলী, কাজুলি খাতুন, কাজুলিৰ স্বামী আৰু অচিনাকী ধৰ্ষণকাৰী।

    ইফালে এই ঘটনা সন্দৰ্ভত আমছুৰ নিউ বঙাইগাঁও সমিতিয়ে অভিযোগ কৰামতে এজাহাৰত উল্লেখ কৰা লোক সকলে দীৰ্ঘদিনৰে পৰা দেহ ব্যৱসায় চলাই আহিছে ভাওলাগুৰীত ৷ নিৰীহ মহিলাক সুযোগ গ্ৰহণ কৰি এই কাৰ্য সংঘটিত কৰি আহিছে এলেকাটোত।

    ইয়াৰ বিপৰীয়ে মানৱ সমাজক লজ্জানত কৰা আন এক জঘন্য ঘটনা পোহৰলৈ আহিছে তীৰ্থনগৰী হাজোত। হাজোৰ কোঁৱৰপুৰ বালাত সংঘটিত হৈছে এই ঘটনাটো। ৬৫ বছৰীয়া এজন লোকৰ কামনাৰ বলি হৈছে এগৰাকী ১২ বছৰীয়া কিশোৰী।

    ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰী গৰাকীক কোঁৱৰপুৰ বালা অঞ্চলৰে চাইফত আলী নামৰ লোকজনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

    কিশোৰী গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ বুজি চাইফত আলী নামৰ এইটো নৰাধমে উপস্থিত হৈছিল কিশোৰী গৰাকীৰ ঘৰত। আৰু তাৰ পাছতে তামোল খোৱাৰ চলেৰে ঘৰত ভিতৰত প্ৰবেশ কৰি কিশোৰী গৰাকীক ৬৫ বছৰীয়া এইটো লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে কিশোৰী গৰাকীৰৰ পৰিয়ালৰ লোকে।

    এই ঘটনা সংঘটিত কৰাৰ পিছতেই, ঘৰত কিশোৰী গৰাকীৰ মাতৃ উপস্থিত হৈ অভিযুক্ত চাইফত আলীক কৰায়ক্ত কৰিব ওলোৱাৰ সময়তেই ছেগ বুজি পলায়ণ কৰে লম্পট চাইফতে।

    এই ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে শুকুৰবাৰে নিশা অভিযুক্ত চাইফত আলীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে হাজো আৰক্ষীয়ে সোধাপোচা অব্যাহত ৰাখিছে চাইফতক।

    Input and Photo- Uttam Kumar Barman(Bongaigaon), Mridul Pritom Deka(Hajo)

    আৰু পঢ়ক : অটোচালকৰ ঘৃণনীয় কাণ্ড! ২ মহিলাক কাষত বহুৱাই …., আৰক্ষীৰ হাতত ধৰা পৰিল ২ জন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং