সন্তান প্ৰসৱৰ বেদনাত নলবাৰীৰ চিকিৎসালয়ত চটফটাই আছে মূকবধিৰ কিশোৰী

বিয়া পাতিম বুলি প্ৰেমৰ অভিনয় কৰি শাৰীৰিক সম্পর্ক গঢ়ি তুলিছিল ১৪ বছৰীয়া কিশোৰীগৰাকীৰ লগত

0
96

নলবাৰী জিলাত পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। বিগত পাঁচদিনে চিকিৎসালয়ত সন্তান প্ৰসৱৰ বেদনাত চটফটাই আছে এগৰাকী মূকবধিৰ কিশোৰী। ১৪ বছৰীয়া কিশোৰীগৰাকী আজিৰ পৰা ছমাহ পুৰ্বে কামনাৰ বলি হৈছিল এটা লম্পটৰ।

পৰিয়ালৰ অভিযোগ মতে, জিলাখনৰ সুৰাদি গাঁৱৰ চুলেমান আলীৰ পুত্ৰ ফাৰুক আলীয়ে প্ৰায় এবছৰ পুৰ্বে একে গাঁৱৰে মূকবধিৰ কিশোৰী এগৰাকীৰ লগত বিয়া পাতিম বুলি প্ৰেমৰ অভিনয় কৰি শাৰীৰিক সম্পর্ক গঢ়ি তুলিছিল। পৰিনতিত মূকবধিৰ কিশোৰীগৰাকী ছয় মাহৰ গৰ্ভৱতী হয়।

অভিযোগ অনুসৰি, লম্পট ফাৰুকে এতিয়া যুৱতী গৰাকীৰ দায়িত্ব ল’ব নিবিচাৰি পলায়ন কৰিছে। পিছত নিৰুপায় হৈ কিশোৰীগৰাকীৰ পৰিয়ালে গাঁৱত বিচাৰ দিয়ে। কিন্তু গাঁৱৰ বিচাৰ সভাত কোনো কাৰণতে ফাৰুকৰ পৰিয়ালে কথাটো মানি নোলোৱাত নিৰূপায় হৈ অসহায়া কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপে আৰু যোৱা ১১ অক্টোবৰত নলবাৰী থানাত লম্পট ফাৰুকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে।