স্বামীৰ চিকিৎসাৰ বাবে যোৱা মহিলাক মুখত কাপোৰৰ সোঁপা দি ধৰ্ষণ চিকৎসকৰ…

0
1712
প্ৰতীকি ফটো

চেঙাৰ কাছুমাৰাৰ ম’হচৰাত এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ এগৰাকী ফাৰ্মাচীষ্টৰ বিৰুদ্ধে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাত ভুগি আছিল। কাছুমাৰাৰ পূৱ ম’হচৰা বজাৰত থকা নুৰুল ইছলাম নামৰ ফাৰ্মাচীষ্টজনৰ ওচৰত স্বামীৰ চিকিৎসা কৰিবলৈ গৈছিল মহিলাগৰাকীয়ে৷

তাৰ পিছতে স্বামীক ঔষধ আনিবলৈ পূৱ মহচৰা বজাৰলৈ পঠিয়াই কোনো নথকাৰ সুযোগতে নিজ চেম্বাৰতে মহিলাগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ সয়ম্ভু ফাৰ্মাচীষ্ট নুৰুল ইছলামৰ বিৰুদ্ধে। লম্পট চিকিৎসক নুৰুল ইছলামৰ নিজ ফাৰ্মাচীৰ চেম্বাৰতে সংঘটিত কৰিছে লজ্জাজনক এই জঘন্য কাণ্ড।

মুখত কাপোৰৰ সোঁপা দি বলপূৰ্বকভাবে ধৰ্ষণ কৰাৰ অভিযোগ মহিলাগৰাকীক৷ স্বামীক চিকিৎসা কৰিবলৈ গৈ ঘৰুৱা লম্পট ফাৰ্মাচীষ্টৰ কামনাৰ বলি হোৱা মহিলাগৰাকীয়ে ন্যায় বিচাৰি ইতিমধ্যে কাছুমাৰাচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।