এৰা এৰি হ’ব নেকি দীপিকা-ৰনবীৰ! ৰনবীৰে সদৰি কৰিলে দুয়োৰে মাজৰ সম্বন্ধৰ সত্যতা

0
2876

এৰা এৰি হ’ব নেকি দীপিকা-ৰনবীৰ! ৰনবীৰে সদৰি কৰিলে দুয়োৰে মাজৰ সম্বন্ধৰ সত্যতা

বিয়াৰ ৪ টা বছৰ পূৰ্ণ, লগতে দুয়োৰে প্ৰেমৰ ১০ টা বছৰ। ৰামলীলাৰ ছেটত লগ হোৱা বলীউডৰ অন্যতম সুন্দৰী তথা জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন আৰু ৰনবীৰ সিঙৰ প্ৰেমৰ বিষয়ে সকলোৱে জানে।

পাছে সদ্যহতে দুয়োৰে মাজত মনোমালিন্য হোৱা খবৰে বতাহ পাই। লগে লগে চাৰিওফালে বিয়পি পৰে দুয়োগৰাকী তাৰকাৰ বিচ্ছেদৰ সম্ভাৱনাই। পাছে এই সকলোবোৰৰ বিপৰীয়ে সদ্যহতে অভিনেতা ৰনবীৰ সিঙে সদৰি কৰে দুয়োৰে মাজৰ সম্পৰ্কৰ সত্যতা।

মাজতে এটা টুইট সকলোফালে বিয়পি পৰিছিল। যি টুইট দেখিয়ে সকলো অনুৰাগীয়ে ভাবিছিল দীপবীৰৰ মাজত সকলো ঠিকে নাই। এই ক্ষেত্ৰত দীপিকাই কোনো মন্তব্য নিদিলেও ৰনবীৰে দাঙি ধৰে মন্তব্য।

এক সাক্ষাতত ৰনবীৰে খোলোচা কৰে ৰনবীৰ আৰু দীপিকাৰ মাজৰ সম্পৰ্কৰ কথা। ইণ্টাৰভিউৰ কিয়দংশ বৰ্তমানে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ৰনবীৰে সাক্ষাতত কয়, দীপিকা আৰু মোৰ সম্পৰ্কই সুন্দৰভাৱে ১০ বছৰ পূৰ্ণতা লাভ কৰে আৰু বিয়াৰ ৪ বছৰ।

ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ প্ৰেমকাহিনী সঞ্জয় লীলা ভাঞ্চালীৰ ‘ৰাম লীলা’ৰ ছেটৰ পৰা আৰম্ভ হৈছিল। এই ছবিখনত দুয়োকে প্ৰথমবাৰৰ বাবে একেলগে দেখা গৈছিল।

পাছলৈ দুয়োজনে ‘বাজিৰাও মস্তানি’, ‘পদ্মাৱত’ আৰু ৮৩ ত একেলগে কাম কৰিছে। দৰ্শকে তেওঁলোক দুয়োৰে অনস্ক্ৰীণ কেমেষ্ট্ৰীয়ো বহুত ভাল পায়।