ৰনবীৰৰ নগ্ম ফটো সন্দৰ্ভত আৰক্ষীৰ ওচৰত দিলে বিস্ফোৰক মন্তব্য- ‘মই সেই ফটো শ্বেয়াৰ কৰাই নাছিলো’

0
4363

ৰনবীৰৰ নগ্ম ফটো সন্দৰ্ভত আৰক্ষীৰ ওচৰত দিলে বিস্ফোৰক মন্তব্য- ‘মই সেই ফটো শ্বেয়াৰ কৰাই নাছিলো’

বলীউডৰ অভিনেতা ৰনবীৰ সিঙৰ নগ্ম ফটো সন্দৰ্ভত কেইবাখনো আৰক্ষা থানাত গোচৰ ৰুজু হৈছে। যি গোচৰৰ পাছতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ৰনবীৰকো সোধপোচৰ বাবে কেইবাবাৰো মাতি নিছে থানালৈ।

তাৰেই মাজত ৰনবীৰে দিয়ে এক বিস্ফোৰক মন্তব্য। মুম্বাই আৰক্ষীৰ ওচৰত ৰনবীৰে দিয়া মন্তব্য অনুসৰি , সেই নগ্ম ফটো ৰনবীৰে শ্বেয়াৰ কৰাই নাছিল।

বিগত মাহৰ পৰা সামাজিক মাধ্যমত তোলপাৰ লাগি আছিল ৰনবীৰৰ নগ্ম ফটোক লৈ। যি ফটোশ্বুট একাংশই বহু পছন্দ কৰাৰ বিপৰীতে আন একাংশই বেয়াকৈ ট্ৰোল কৰিছিল ৰনবীৰৰ ফটোক।

২৯ আগষ্টত, ৰণবীৰ সিঙে মুম্বাই আৰক্ষীক এক বিবৃতি দিছিল, য’ত তেওঁ কৈছিল যে তেওঁ এই ছবিখন তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা নাছিল। অভিনেতাজনৰ মতে, নিউয়ৰ্ক স্থিত আলোচনীত আলোচনা কৰা ছবিখন তেওঁ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বেয়াৰ কৰা নাছিল।

উল্লেখ্য যে, অভিনেতাগৰাকীৰ বিৰুদ্ধে থকা অভিযোগ অনুসৰি ৰনবীৰে শৰীৰত একো কাপোৰ নথকাকৈ, গুপ্তাংগ দেখাকৈ ফটো উঠিছিল। কিন্তু ৰনবীৰে দাবী কৰা অনুসৰি ৰনবীৰে কোনো ধৰণৰ নগ্ম ফটোশ্বুট কৰা নাছিল।

ফটো শ্বুট কৰাৰ সময়ত তেখেতে অন্তৰ্বাস পৰিধান কৰি আছিল। লগতে তেঁও নিজে যি ৭ খন ফটো শ্বেয়াৰ কৰিছে সেই ৭খনত অন্তৰ্বাস পৰিধান কৰা আছে।

আৰক্ষীয়ে এতিয়া অভিযোগ উত্থাপন হোৱা ছবিখন ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে, যাতে ইয়াক নিশ্চিত কৰিব পৰা যায় ফটোখন আচল নে নকল। ফৰেনচিক পৰীক্ষাৰ পাছতহে জনা যাব ছবিখন সঁচা নে কিবা খেলিমেলি কৰা হৈছে।

যদি এইটো প্ৰমাণিত হয় যে ছবিখন খেলিমেলি বা সলনি কৰা হৈছে, তেন্তে ৰণবীৰে এই ক্ষেত্ৰত ৰেহাই পাব পাৰে।