
অতিমাত্ৰা ট্ৰ’লৰ সন্মুখীন হ’লেও নিজৰ গুণৰ বলত আগুৱাই গৈ আছে ৰাণু মণ্ডল। হিমেশ ৰেশমিয়াৰ লগত হিন্দী গীতত কণ্ঠ দিয়াৰ পিছত আৰু উভতি চোৱা নাই এৰি অহা জীৱন। বিভিন্ন অনুষ্ঠানত গীত পৰিবেশন কৰাৰ পিছত এইবাৰ ৰাণুৱে গাইছে মালায়ালম গীত।
সততে হিন্দী গীত গাই অহা ৰাণু মণ্ডলে এইবাৰ চেষ্টা কৰিলে অন্য এটি ভাষাৰ গীত গাবলৈ। ছচিয়েল মিডিয়াত আগৰ কেইবাৰৰ দৰেই এইবাৰো খুৱেই জনপ্ৰিয় হৈছে ৰাণু মণ্ডলৰ মালায়ালম গীত। পিছে কোনো চিনেমাৰ বাবে নহয় এটি পুৰণি গীতৰ দুটি কলিহে গুণগুণাইছে ৰাণু মণ্ডলে।