16 C
Guwahati
Friday, December 3, 2021
More

    চিনেমাৰ অফাৰ পাইছে ৰানু মণ্ডলে, তাকো ভাৰতৰ নহয় বিদেশৰ ছবিজগতত…ফিল্মষ্টাৰে নিজেই কৰিলে সদৰি

    চিনেমাৰ অফাৰ পাইছে ৰানু মণ্ডলে, তাকো ভাৰতৰ নহয় বিদেশৰ ছবিজগতত…ফিল্মষ্টাৰে নিজেই কৰিলে সদৰি

    ছচিয়েল মিডিয়া ছেনছেশ্বন ৰানু মণ্ডল। ২০১৯ চনত ফুটপাথত লতা মংগেশকাৰ ‘এক প্যাৰ কা নাগমা হ্যে’ গাই থকা ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমত একপ্ৰকাৰ খলকনি লাগি গৈছিল।

    সেই ভাইৰেল হোৱা গীতৰ কিয়দাংশ প্ৰত্য়ক্ষ কৰি ভাৰতীয় ছবিজগতৰ সংগীত পৰিচালত তথা গায়ক হিমেশ ৰেছমিয়াইয়ো তেখেতৰ সৈতে গান গোৱাৰ অফাৰ দিছিল ৰানু মণ্ডলক, যাৰ বিনিময়ত বহু মান সন্মাম, টকা পইচা আদিয়ো লাভ কৰিছিল কলিকতাৰ বালা ঘাটৰ ৰানু মণ্ডলে।

    কিন্তু হঠাতে অহা অপাৰ জনপ্ৰিয়তা সামৰিব নোৱাৰি পুনৰ আগৰ জীৱনলৈ ঘুৰি যাবলৈ এক প্ৰকাৰ বাধ্য় হোৱাৰ দৰে হৈ পৰিছিল ৰানু মণ্ডল। কিন্তু এইবাৰ পুনৰ চৰ্চালৈ আহিছে সেই ফুটপাথত গান গাই জনপ্ৰিয় হোৱা মহিলাগৰাকী।

    চিনেমাৰ অফাৰ পাইছে ৰানু মণ্ডলে, তাকো ভাৰতৰ নহয় বিদেশৰ ছবিজগতত। বিদেশৰ ছবিজগতৰ ফিল্মষ্টাৰে নিজেই সদৰি কৰিলে এই বিষয়ে। দুখনকৈ ছবিত গান গোৱাৰ বাবে অফাৰ পাইছে ৰানু মণ্ডলে।

    বাংলাদেশৰ পৰা অফাৰ পাইছে, দেশ খনৰ অতিকে জনপ্ৰিয় তাৰকা হিৰো আলমে নিজৰ দুখনকৈ ছবিত কাম কৰাৰ অফাৰ দিছে ৰানু মণ্ডলক। হিৰো আলমে নিজেই সামাজিক মাধ্যম যোগে সদৰি কৰে এই খবৰ। দুখনকৈ ছবিৰ দুটা গীতৰ অফাৰ ৰানুলৈ, এতিয়া ৰানু মণ্ডলে সেই অফাৰ গ্ৰহন কৰে নে নকৰে সেয়াহে পৰিলক্ষিত হব।

    আৰু পঢ়ক : নাগালেণ্ডলৈ কুকুৰ সৰবৰাহ কৰি থকা অৱস্থাত আটক দুজন কুকুৰ সৰবৰাহকাৰী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং