হাগ্ৰামাৰ চেলেঞ্জৰ প্ৰত্যুত্তৰ ৰঞ্জিত দাসৰ: কাৰোবাৰ যদি লাজ আছে নিজেই ওলাই যাওঁক….
পাঠশালাত ৰাজ্যিক বিজেপি সভাপতিৰ উপস্থিতিত আজি অসম দৰ্শন আঁচনিৰ চেক বিতৰণ কৰা হয়। পাঠশালাৰ আজাদ ভৱনত অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ তৰফৰ পৰা ৰঞ্জিত দাসে ১১৬ টা নামঘৰলৈ চেকৰ জৰিয়তে আৰ্থিক অনুদান আগবঢ়ায়।
বিজেপি সভাপতি ৰঞ্জিত দাসে সাংবাদিকৰে মুখামুখিত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় ।
অগপ দলৰ লগত এতিয়ালৈকে আসন বুজাবুজি সন্দৰ্ভত কোনো আলোচনা হোৱা নাই, মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অগপৰ কেন্দ্ৰীয় সমিতি আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে এই সন্দৰ্ভত আলোচনাত মিলিত হব বুলি মন্তব্য আগবঢ়াই দাসে।
হাগ্ৰামা মহিলাৰীয়ে দিয়া চেলেঞ্জৰ প্ৰত্যুত্তৰত সভাপতি গৰাকীয়ে কয় যে চৰকাৰৰ কথা সুকীয়া, বিজেপিৰ কোনো দলৰ লগত মিত্ৰতা নাই আৰু নাথাকে, বিপিএফৰ মন্ত্ৰীক খেদি দিয়া নিদিয়া সন্দৰ্ভত কয়- কোনোবাৰ যদি লাজ আছে তেওঁলোকে নিজেও আঁতৰি আহিব পাৰে ।
আৰু পঢ়ক : খেলো ইণ্ডিয়া-শীতকালীন খেলৰ সংস্কৰণ আৰম্ভ, মোদীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে আজি