ৰঞ্জিত বৰা হত্যাকাণ্ডৰ গোচৰ; দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন অপৰাধীক

0
233

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ গোচৰ: দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন অপৰাধীক

সোমবাৰে নিশা দিছপুৰ আৰক্ষীয়ে পূৰবি দুগ্ধ পৰিচালক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজন সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰে। সূত্ৰ অনুসৰি আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানৰ পৰাই অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰে।

বৰ্তমান পৰ্যন্ত অভিযুক্ত দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে কেইবাটাও সূত্ৰ লাভ কৰিছে যাৰ ভিত্তিত তেওঁলোকে বিষয়টোৰ তদন্ত কৰি আছে।

সোমবাৰে পুৱা পাঞ্জাবাৰীৰ ব্যৱসায়ীজনৰ ওপৰত দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ পিছতে গুলীৰ আঘাতত মৃত্যু হয় ৰঞ্জিত বৰাই। ধন জমা কৰিবলৈ বেংকলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।

অধিক তথ্যৰ কাৰণে আৰক্ষীয়ে তদন্ত অৱ্যহত ৰাখিছে। দোষিয়ে উচ্চিত শাস্তি পোৱাৰ দাবি কৰিছে একাংশ লোকে।