পাঁচ মাহৰ মূৰত প্ৰত্যাৱৰ্তন কৰা ৰবীন্দ্ৰ জাডেজাৰ ৰঞ্জিত বিধ্বংসী ৰূপ

0
13461
CSK-ক কৰিলে আনফ'ল’, আধাতে টুৰ্ণামেণ্ট সামৰি ঘৰলৈ উভটিল জাদেজা
ফটো সৌজন্য- ইণ্টাৰনেট

অহা মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰিখন মেচৰ গুৰুত্বপূৰ্ণ টেষ্ট শৃংখলা খেলিব লাগিব ভাৰতে। এই শৃংখলাটো ভাৰতৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। যিকোনো পৰিস্থিতিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কমেও দুখন মেচত জয়ী হ’ব লাগিব ভাৰতে।

ভাৰতত অনুষ্ঠিত হ’বলগীয়া শৃংখলাটোত স্পিনৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ। এই শৃংখলাৰ বাবে নিৰ্বাচকে ভাৰতীয় দলত চাৰিজন স্পিনাৰক অন্তৰ্ভুক্ত কৰিছে।

স্পিনাৰৰ তালিকাত ৰবীন্দ্ৰ জাদেজাৰ নামো সন্নিবিষ্ট কৰা হৈছে। অৱশ্যে তেওঁৰ ফিটনেছৰ ওপৰত ভিত্তি কৰিহে দলত তেওঁৰ বাছনি হ’ব।

বৰ্তমান জাদেজাই চেন্নাইত তামিলনাডুৰ বিৰুদ্ধে সৌৰাষ্ট্ৰৰ হৈ ৰঞ্জি মেচ খেলি আছে। পাঁচ মাহৰ পাছত খেলপথাৰলৈ উভতি অহা জাদেজাই তামিলনাডুৰ বিৰুদ্ধে বলেৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

দ্বিতীয় ইনিংছত ১৭.১ অভাৰত ৫৩ ৰানত ৭টা উইকেট দখল কৰি শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তনৰ ইংগিত দিছে।

জাদেজাৰ বিধ্বংসী বলিঙৰ বাবে সৌৰাষ্ট্ৰই ২৬৬ ৰানৰ লক্ষ্য লাভ কৰে। তৃতীয় দিনৰ খেলৰ শেষলৈকে সৌৰাষ্ট্ৰই এটা উইকেট হেৰুৱাই ৪ ৰান সংগ্ৰহ কৰিছে।

উল্লেখ্য যে, যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত এছিয়া কাপৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল জাডেজা। টুৰ্ণামেণ্টৰ মাজভাগতে তেওঁক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হৈছিল।

তেতিয়াৰ পৰাই অক্ষৰ পেটেলে বাওঁহতীয়া স্পিনাৰ হিচাপে দলত খেলি আহিছে। অৱশ্যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতে তিনিজন স্পিনাৰৰ সৈতে খেলপথাৰত অৱতীৰ্ণ হ’ব পাৰে।

জাদেজাৰ উপৰি দলত আছে অক্ষৰ, অশ্বিন আৰু কুলদীপ।

১ ফেব্ৰুৱাৰিত বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজত অংশগ্ৰহণৰ বাবে ৰবীন্দ্ৰ জাডেজাৰ ফিটনেছৰ বিষয়ে সিদ্ধান্ত ল’ব বিচিচিআইয়ে।

ৰঞ্জী খেলৰ পিছত জাদেজাই এনচিএক ৰিপৰ্ট দিব। ২ ফেব্ৰুৱাৰীৰ পৰা ভাৰতৰ নাগপুৰত প্ৰি-ছিৰিজ শিবিৰ আৰম্ভ হোৱাৰ পূৰ্বে নিৰ্বাচক আৰু দল পৰিচালনাই তেওঁৰ উপলব্ধতা সন্দৰ্ভত সিদ্ধান্ত ল’ব।

চাৰিখন টেষ্ট শৃংখলাৰ প্ৰথমখন খেল অহা ৯ ফেব্ৰুৱাৰীৰ পৰা বিদৰ্ভ ক্ৰিকেট সন্থা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।