
এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰীৰ দেহত ধৰা পৰিছে কভিড-১৯ৰ উপস্থিতি। ৪ জুলাইত কৰ’ণাৰ পৰীক্ষা কৰাৰ পিছত শুকুৰবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মুঠ ১৯ জন কাৰাবন্দীৰ দেহত এই মাৰাত্মক ভাইৰাছ ধৰা পৰিছে। ইয়াৰে ১২ জনেই এনডিএফবিৰ সদস্য বুলি কেন্দ্ৰীয় কাৰাগাৰৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিছে।
ইফালে ৰঞ্জন দৈমাৰী কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতো এই খবৰ তেওঁৰ পৰিয়ালৰ লোকক নিদিয়াৰ অভিযোগ উঠিছে। দৈমাৰীক ৰাখিবলৈ হাস্পতালত আসনৰ অভাৱ হোৱা বুলিও এক সূত্ৰই জানিবলৈ দিছে। প্ৰথমে তেওঁক নিয়া হৈছিল জাগীৰোডলৈ। তাৰ পিছতে তেওঁ জিএমচিএইচলৈ নিয়া বুলি জানিব পৰা গৈছে।
অৱশ্যে জিএমচিএইচতো আসন নোপোৱাৰ বাবে ৰিহাবাৰীৰ যক্ষ্মা চিকিৎসালয়লৈ তেওঁক নিয়া হৈছিল বুলি সূত্ৰটোৱে সদৰি কৰিছে। অৱশেষত তেওঁক কালাপাহাৰৰ কভিড কেয়াৰ চেন্টাৰলৈ নিয়াৰ সম্ভাৱনা আছে। অৱশ্যে এই সম্পৰ্কত এতিয়ালৈকে চৰকাৰ তথা কাৰাগাৰ কৰ্তৃপক্ষই কোনো তথ্য সদৰি কৰা নাই।
ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ে তেওঁৰ স্বাস্থ্যৰ অৱস্থা অৱনতি হোৱাৰ লগতে হাস্পতাল বিচাৰি বিভিন্ন স্থানলৈ নিয়াৰ প্ৰসংগত পৰিয়ালৰ লোকক একোকে নোকোৱাৰ অভিযোগ উত্থাপন কৰিছে। বহস্পতিবাৰলৈকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী মুঠ ৬ গৰাকীৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰিছিল। শুকুৰবাৰে কৰ’ণাৰ উপস্থিতিৰ কথা পোহৰলৈ অহা ১৯ গৰাকী কাৰাবন্দীৰ সৈতে কাৰাগাৰখনত এতিয়ালৈকে মুঠ ২৫ জনলৈ বৃদ্ধি পাইছে কভিড-১৯ পজিটিভ ৰোগী।
Photo Credit: The Wire