হাস্পতালৰ পৰা ওলাল আলিয়া, কনমানিক দেখা গ’ল পিতৃ ৰনবীৰৰ হাতত

0
60666

হাস্পতালৰ পৰা ওলাল আলিয়া, কনমানিক দেখা গ’ল পিতৃ ৰনবীৰৰ হাতত। ভাৰতীয় ছবি জগতৰ তাৰকা আলিয়া আৰু ৰনবীৰৰ কন্যাৰ ঘৰলৈ যাত্ৰা। আজি হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হল আলিয়াক।

হাস্পতালৰ পৰা ওলোৱাৰ সময়ত পিতৃ ৰনবীৰৰ কোলাত দেখা পোৱা গ’ল কনমানি কন্যাক। কনমানি কেঁচুৱাৰ সৈতে নতুন অভিভাৱকৰ হোৱা আলিয়া-ৰনবীৰৰ বহুতো ফটো আৰু ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ফটোবোৰত, আলিয়াৰ চেহেৰাত মাতৃত্বৰ হাঁহি দেখিবলৈ পোৱা গৈছে। খবৰ অনুসৰি আলিয়া-ৰনবীৰে সোনকালেই তেওঁলোকৰ নতুন কৃষ্ণৰাজ বাংলোত উপস্থিত হ’ব। য’ত ছোৱালীজনীৰ বাবে এটা পৃথক সুন্দৰ কোঠা তৈয়াৰ কৰা হৈছে।

উল্লেখ্য যে, আলিয়া ভাটে ৬ নৱেম্বৰ দেওবাৰে এটি কন্যা সন্তান জন্ম দিছিল। সেই কন্যাক এতিয়া নতুন ঘৰলৈ নিব আলিয়া-ৰনবীৰে।

ঘৰটোৰ নৱীকৰণ বিগত তিনি বছৰ ধৰি চলি আছে। ৮ মহলীয়া ভৱন নিৰ্মাণ কৰা হৈছে। ভৱনটোত সকলোৰে বাবে এটা কৈ মহলা আছে। নীতু কাপুৰ এটা মহলাত থাকিব। ৰিদ্ধিমা আৰু তাইৰ জীয়েকৰ বাবে এটা।

এটা মহলা ৰণবীৰ, আলিয়া আৰু তেওঁলোকৰ কেঁচুৱাৰ বাবে। বাকী মহলাবোৰত, চুইমিং পুল, অতিথিৰ বাবে স্থান, স্ক্ৰিপ্ট পঢ়াৰ বাবে কাৰ্যালয় আদি নিৰ্মাণ কৰা হৈছে।