আলীয়া-ৰনবীৰৰ কন্যা কাৰ দৰে দেখাত, আইতাক নীতু কাপুৰে ক’লে সাইলাখ …

0
18993

আলীয়া-ৰনবীৰৰ কন্যা কাৰ দৰে দেখাত, আইতাক নীতু কাপুৰে ক’লে সাইলাখ …

বলীউডৰ তাৰকা যুটি আলীয়া আৰু ৰনবীৰৰ ৬ নৱেম্বৰ দেওবাৰে এটি কন্যা সন্তান জন্ম পায়। আলিয়া ভাট্ট আৰু ৰণবীৰ কাপুৰেও তেওঁলোকৰ কন্যাৰ জন্মৰ পিছতে অনুৰাগীসকলৰ সৈতে তেওঁলোকৰ খবৰ শ্বেয়াৰ কৰে।

আলিয়াই এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছিল, “আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ খবৰ। তাই এজনী যাদুকৰী কেঁচুৱা ছোৱালীৰ দৰে। ধন্য আৰু আচ্ছন্ন পিতৃ-মাতৃ… প্ৰেম প্ৰেম প্ৰেম… আলিয়া আৰু ৰণবীৰ”।

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টৰ মাতৃ হোৱাত কেৱল অনুৰাগীসকলেইল সুখী নহয়, আইতা নীতু কাপুৰৰো সুখৰ সীমা নাই। বৰ্তমানে সামাজিক মাধ্যমত আইতা নীতু কাপুৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত তেওঁক অতি সুখী দেখা গৈছে।

সেই ভিডিঅটোতে আইতা নীতু কাপুৰে শ্বেয়াৰ কৰে ৰনবীৰ আলিয়াৰ কন্যা দেখাত কেনে। অনুৰাগীসকলো অধীৰ আগ্ৰেহেৰে বাট চাইছে আলীয়া ৰনবীৰৰ কন্যাক এবাৰ চাবলৈ।

সাংবাদিকে আইতাক নীতু কাপুৰক প্ৰথমে সোধে ঘৰলৈ লক্ষ্মীৰ আগমন, কেনে লাগিছে, তেতিয়া নীতু কাপুৰে কয় ইয়াতকৈ আৰু সুখৰ কথা একো নাই। বহুত সুখী বহুত সুখী।

তাৰ পাছতে সাংবাদিকে সোধে, কনমানিটি কাৰ দৰে দেখাত। তেতিয়া নীতু কাপুৰে কয়, তাই জন্ম পাইছেহে, এতিয়াই দেখাত কাৰ দৰে সেয়া কোৱাটো টান। ডাঙৰ হ’লে সকলোৱে নিজেই দেখা পাব তাই কাৰ দৰে দেখাত হৈছে।

View this post on Instagram

A post shared by Viral Bhayani (@viralbhayani)