DSP ক পিটিলে পত্নীয়ে! ফেচবুকত ক’লে ৫ বছৰে কৰি আহিছে শাৰীৰিক নিৰ্যাতন

0
208

DSP ক পিটিলে পত্নীয়ে! ফেচবুকত ক’লে ৫ বছৰে কৰি আহিছে শাৰীৰিক নিৰ্যাতন

ঝাৰখণ্ডত এক আজব ঘটনা সংঘটিত হৈছে। ঝাৰখণ্ডৰ ৰামগড়ত নিযুক্ত এজন ডিএছপিয়ে তেওঁৰ পত্নীৰ দ্বাৰা অত্যাচাৰৰ পিছত নিজৰ বাবে ন্যায় বিচাৰিছে।

দৰাচলতে ৰামগড়ৰ ডিএছপি কিশোৰ কুমাৰ ৰজকে তেওঁৰ পত্নী বৰ্ষা শ্ৰীবাস্তৱৰ মাজত বিগত ৫টা বছৰ ধৰি কাজিয়া চলি আছিলে।

ইয়াৰ উপৰিও তেওঁলোক দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। কিন্তু এইবাৰ দুয়োৰে মাজত এতিয়া আকৌ এবাৰ দুয়োৰে মাজত হাতাহাতিৰ ঘটনা পোহৰলৈ আহিছে।

ডিএছপি কিশোৰ কুমাৰ ৰজকে নিজৰ ফেচবুক একাউণ্টত এটা ভিডিঅ’শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত তেওঁ কৈছে যে তেওঁৰ পত্নীয়ে কিছুদিন ধৰি তেওঁক শাৰীৰিক ভাৱে অত্যাচাৰ কৰি আহিছে।

তেওঁ লগতে কয় যে মই যোৱা ৫ টা বছৰত ঘৰুৱা হিংসাৰ বলি হৈ আহিছো। মোৰ বিয়াৰ জালত ফচোৱা হৈছে। তেওঁ মোৰ লগত প্ৰায়ে এনেদৰে মাৰপিট কৰে।

আনহাতে তেওঁৰ পত্নীয়ে হাস্পতালৰ পৰা ফেচবুকত এটা ভিডিঅ’শ্বেয়াৰ কৰি কৈছে যে কিশোৰ কুমাৰে তেওঁক ইমানেই মাৰপিট কৰে যে তেওঁ হাস্পতালত ভৰ্তি হ’ব লগা হ’ল। অৱশ্যে আৰক্ষীৰ এই ক্ষেত্ৰত এতিয়া তদন্ত আৰম্ভ কৰিছে।