৩৭০ আৰু ৩৫-এ ধাৰা প্ৰত্যাহাৰ কৰাৰ বাবেই বহু কংগ্ৰেছী নেতাই ভাল পাইছে, বিজেপিৰ এই ভাল কামৰ বাবে বহু কংগ্ৰেছী নেতাই যোগদান কৰিছে বিজেপিত।’- কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ এই মন্তব্য।
বিজেপিত যোগদানৰ বাবে বহুকেইগৰাকী কংগ্ৰেছৰ মন্ত্ৰী-বিধায়কে মোক যোগাযোগ কৰিছিল।’- Time8ৰ সৈতে হোৱা আছুতীয়া সাক্ষাতকাৰত মন্তব্য তেলীৰ।
দেশক লুটি খোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব কেন্দ্ৰীয় চৰকাৰে, বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান, বেংকত লুটি খোৱা সকলও এই চৰকাৰৰ দিনত ৰক্ষা নাপাব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
বিভিন্ন বিভাগৰ দূৰ্নীতিপৰায়ণ মন্ত্ৰী আমোলাৰ তালিকা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰে। পি চিদাম্বৰমৰ নামো আছিল সেইখন তালিকাত।
‘দেশত ৪২টা মেগা ফুড পাৰ্ক নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে, অসমৰ টিহুত থকা মেগা ফুড পার্ক সক্ৰিয়কৰণৰ ব্যৱস্থা কৰা হৈছে, অৰুণাচলটো স্থাপন কৰা হ’ব মেগা ফুড পার্ক, উত্তৰ-পূৰ্বাঞ্চলত স্থাপন কৰা হ’ব ৮টা ফুড পার্ক, উজনি অসমতো স্থাপন কৰা হ’ব মিনি ফুড পাৰ্ক।’- এই ঘোষণা ৰামেশ্বৰ তেলীৰ।
Guwahati | Edited by: Dulu Medhi