কোভিড সংকটকালত ৫০০ ৰেমডিচিভিৰ প্ৰতিষেধক দান শ্বাহৰুখ খানৰ, ধন্যবাদ জনালে স্বাস্থ্যমন্ত্ৰীয়ে

0
93

কৰ’ণা তীব্ৰতা এতিয়াও কমা নাই দিল্লীৰ দৰে চহৰত।এতিয়ালৈ স্বাভাৱিক জীৱন যাপনৰ পৰা বহু দূৰত আছে দিল্লী মহানগৰ।

এনে সময়ত ৰোগীৰ কাষত ঠিয় দিছে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান।দিল্লীৰ চৰকাৰক ৫০০ কৰ’ণা ৰোগীক প্ৰয়োজন হোৱা ৰেমডিচিভিৰ প্ৰতিষেধৰ দান কৰিছে বাদশ্বাহে।

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সতেন্দ্ৰ জৈনে বৃহস্পতিবাৰে এই কথা ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি এই কথা প্ৰকাশ কৰিছে যে, শ্বাহৰুখ খান আৰু তেওঁৰ মিৰ ফাউণ্ডেচনৰ কাষত আমি কৃতজ্ঞ। কঠিন সময়ত তেখেতে আমাক ৫০০ ৰেমডিচিভিৰ ইনজেকচনেৰে আমাক সহায় কৰিছে।

উল্লেখ্য যে, অতি কঠিন পৰিস্থিতিত কৰণা ৰোগীক ৰেমডিচিভিৰ ইনজেকচন প্ৰদান কৰা হয়। লগতে, বৰ্তমান দিল্লীৰ পৰিস্থিতি অতি গুৰুতৰ বাবেই এই ঔষধ যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে।