27 C
Guwahati
Thursday, August 4, 2022
More

    মনত আছেনে বলীউডৰ যৌন আবেদনময়ী অভিনেত্ৰী ‘মন্দাকিনী’, ডাউদ ইব্ৰাহিমৰ ‘প্ৰেমিকা’ মান্দাকিনী পুনৰ উভতি আহিছে অভিনয় জগতলৈ

    ‘ৰাম তেৰি গংগা মেইলি’ চলচ্চিত্ৰৰ জৰিয়তে নিশাটোৰ ভিতৰতে ভাৰতীয় ছবিজগতত চাঞ্চল্য সৃষ্টি কৰা অভিনেত্ৰী মন্দাকিনী মনত আছে নে… সেই মন্দাকিনী পুনৰ উভতি আহিছে অভিনয় জগতলৈ।

    চবিত যৌন আবেদনেৰে নিজৰ ছাপ পেলোৱা সেই যুৱগৰ বিখ্যাত অভিনেত্ৰী মন্দাকিনীয়ে আকৌ এবাৰ চলচ্চিত্ৰ জগতত ভৰি দিছে। অন্ধকাৰ জগতৰ কিং ডাউদৰ সৈতে সম্পৰ্কৰ মাজলৈ আহি অভিনয় জগতৰ পৰা এৰা খাই পৰি বহু বছৰ ধৰি আঁতৰি আছিল।

    সেই মন্দাকিনীয়ে এইবাৰ সংগীত ভিডিঅ’ ‘মা ও মা’ (maa-o-maa) ৰ সৈতে পুনৰ প্ৰত্যাৱৰ্তন কৰিছে। গানটোৰ প্ৰথম লুক হিচাপে এখন পোষ্টাৰ মুকলি কৰা হৈছে সামাজিক মাধ্যমত।

    ১৯৯৬ চনত শেষবাৰৰ বাবে মন্দাকিনীক ‘জোৰদাৰ’ চলচ্চিত্ৰত দেখা গৈছিল। দুই দশকতকৈও অধিক সময়ৰ পিছত, মান্দাকিনীয়ে এতিয়া তেওঁৰ অভিনয়ৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে। পুত্ৰ ৰাব্বিল ঠাকুৰৰ সৈতে পুনৰ প্ৰত্যাৱৰ্তন কৰিছে মন্দাকিনীয়ে।

    মন্দাকিনীয়ে নিজৰ ভাৱ প্ৰকাশ কৰি কয় যে, “পৰিচালক সজ্জন আগৰৱালাৰ সৈতে কাম কৰাটো আনন্দৰ বিষয়। তেখেতক বহু পূৰ্বৰে পৰাই চিনি পাওঁ, কিন্তু এতিয়া আমি একেলগে কাম কৰিবলৈ পাই সুখি”।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং