‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্যাক হত্যা কৰা আৰু লাভ কৰা ১০ লাখ টকাৰ পুৰস্কাৰঃ শ্ৰীৰাম সেনা

পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ পিছতেই অমূল্যাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হয় আৰু যুৱতীগৰাকী বৰ্তমান আৰক্ষীৰ ন্যায়িক জিম্মাত আছে

0
43

নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি সমগ্ৰ দেশবাসীৰ চকুত দেশদ্ৰোহীত পৰিণত হৈছিল কৰ্ণাটকৰ যুৱতী অমূল্যা লিয়’না।

‘কা’ বিৰোধী এই প্ৰতিবাদত এআইএমআইএমৰ অধ্যক্ষ আছাদুদ্দিন অৱেছীও উপস্থিত আছিল। পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ পিছতেই অমূল্যাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হয় আৰু যুৱতীগৰাকী বৰ্তমান আৰক্ষীৰ ন্যায়িক জিম্মাত আছে।

শ্ৰীৰাম সেনাৰ কৰ্মকৰ্তা সঞ্জীৱ মাৰদীয়ে অমূল্যা লিয়’নাক কোনোপধ্যই মুক্তি নিদিবলৈ চৰকাৰক আহ্বান জনাইছে। যদি তেওঁক কেনেবাকৈ মুক্তি দিয়ে তেন্তে তেওঁক আমি হত্যা কৰিম আৰু যিগৰাকীয়ে হত্যা কৰিব পাৰিব তেওঁক আমি ১০ লাখ টকাৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰিম।

Photo: PTI