অভিনেত্ৰীৰ ভৰিত চুম্বন চলচ্চিত্ৰ পৰিচালত ৰাম গোপাল বাৰ্মাৰ

0
33695

অভিনেত্ৰীৰ ভৰিত চুম্বন চলচ্চিত্ৰ পৰিচালত ৰাম গোপাল বাৰ্মাৰ। ফটো ভাইৰেল হৈ পৰাৰ পাছতে চাৰিওফালে চৰ্চিত। নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে সেই চুম্বনৰ ভিডিঅ’ আৰু ফটো।

অৱশ্যে এয়া কোনো প্ৰেমৰ বাবে নহয় বা কোনো চিনেমাৰ দৃশ্যও নহয়, এয়া হৈছে ৰাম গোপাল বাৰ্মাৰ ছবি হিট কৰোৱাৰ একপ্ৰকাৰৰ ট্ৰিক। নিজৰ ছবি হিট কৰোৱাৰ বাবে বহুবাৰ ভিন্ন কাণ্ড কৰিছে বাৰ্মাই। ইয়াৰ বাবে বহু বিতৰ্কৰো সৃষ্টি হৈছে।

এইবাৰো তাৰ ব্যতিক্ৰম নহয়। নিজৰ আহিবলগীয়া এখন তেলেগু ছবিৰ প্ৰচাৰৰ বাবে ছবি পৰিচালক ৰাম গোপাল বাৰ্মাই নিজে পকাত বহি লৈ চকীত বহি থকা অভিনেত্ৰীৰ চেণ্ডেল খুলি ভৰিত চুম্বন কৰে।

আহিবলগীয়া ছবি ‘Dangerous’ৰ প্ৰচাৰৰ বাবে এনে কাম কৰে ছবি পৰিচালকগৰাকীয়ে। ৰাম গোপালৰ এই কাণ্ডত থকা সুন্দৰী যুৱতীগৰাকীয়েই হৈছে সেই ছবিখনৰ অভিনেত্ৰী। অভিনেত্ৰী গৰাকীৰ নাম আশু ৰেড্ডী।

ফটো আৰু ভিডিঅ ভাইৰেল হোৱাৰ পাছতে সকলোফালে বেয়াকৈ ট্ৰোল খাইছে ছবি পৰিচালকগৰাকীয়ে। বহুতেই বেয়া ধৰণে মন্তব্য কৰিছে এই কণ্ডৰ।

দেশৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতাজনে বলীউডত ৰংগিলা, সত্য, কোম্পানী, চৰকাৰ আদিj দৰে বহু কেইখন হিন্দী ছবিৰ লগতে দক্ষিণৰ ছবিজগততো বহু কেইখন হিট ছবি উপহাৰ দিছে।