ৰাখী সাৱন্তৰ নতুন প্ৰেমিক, ফটো-ভিডিঅ’ শ্বেয়াৰ কৰি ৰাখীয়ে ক’লে প্ৰকৃত বন্ধু
ভাৰতীয় মনোৰঞ্জন জগতৰ ড্ৰামা কুইন ৰাখী সাৱন্তক হয়তো চিনি নোপোৱা মানুহ নোলাব। যি ৰাখীয়ে বহু চিনেমা, গীত আদিত কাম কৰাৰ লগতে বিগ বছতো দুবাৰকৈ অংশ লৈ বিশেষ চৰ্চিত হৈ পৰিছে।
বিগ বছৰ মজিয়াত শেষৰ বাৰ নিজৰ স্বামীকো নি বেছ চৰ্চিচ হৈ পৰিছিল ৰাখী। স্বামী ৰিতেশৰ সৈতে যোৱা ৰাখীয়ে বিগ বছৰ টি আৰ পিও বহু ওপৰলৈ তুলিছিল।
পাছে বিগ বছ এৰাৰ পাছতে এৰা এৰি হৈছিল ৰাখী আৰু স্বামী ৰিতেশৰ। অৱশ্যে সেই ৰিতেশ সঁচাকৈয়ে ৰাখীৰ স্বামী আছিল নে বিগ বছৰে এক অভিসন্ধি সেয়া আজি পৰ্যন্ত গোপন।

পাছে ৰিতেশৰ গমনৰ পাছতে এইবাৰ ৰাখীৰ জীৱনলৈ যেন সঁচাকৈয়ে এগৰাকী প্ৰকৃত বন্ধু আগমণ ঘটিছে। ফটো আৰু ভিডিঅ শ্বেয়াৰ কৰিছে ৰাখীয়ে।
নতুন বন্ধুৰ খবৰো কিমান দূৰ সত্য সেয়াও অৱশ্যে কোনো খাতাং নহয়। কিন্তু এইবাৰ বহু অনুৰাগীয়ে কৈছে, এই নতুন বন্ধুৰ পাৰিলে সঁচাকৈয়ে জীৱনত ৰাখি থবৰ বাবে।
এইবাৰ হে বোলে ৰাখীয়ে প্ৰকৃত বন্ধু পাইছে। এই বন্ধুৱেই বোলে ৰাখীক উপহাৰ দিছে নতুন বাহনো।
পাছে বৰ্তমানলৈ ৰাখীৰ এই নতুন বন্ধুৰ নাম সদৰি হোৱা নাই। সকলো কেৱল সময়লৈ অপেক্ষা।
আৰু পঢ়ক :- দুগৰাকী পত্নী থকাৰ পাছতো তৃতীয়গৰাকীক বিয়া পাতিবৰ বাবে হিন্দুৰ পৰা মুছলমান ধৰ্ম গ্ৰহণ দীপু ৰাজাৰ