ৰাজ্যসভা নিৰ্বাচন; ৰাজস্থানত কংগ্ৰেছৰ হাতলৈ গ’ল তিনিখন আসন, এখন আসনত বিজেপিৰ জয়

0
123
৩৪ বছৰৰ পিছত ৰাজ্যসভাত ভংগ হ'ল অভিলেখ; প্ৰথমবাৰৰ বাবে
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি ৰাজস্থানত অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনৰ চাৰিওখন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। শাসকীয় কংগ্ৰেছ দলে ৰাজ্যখনৰ তিনিখন আসন লাভ কৰাত সফল হোৱাৰ বিপৰীতে বিজেপিয়ে এখন আসনত জয় লাভ কৰিছে।

কংগ্ৰেছৰ তিনিওজন প্ৰাৰ্থী ক্ৰমে মুকুল ৱাছনিক, ৰণদীপ সুৰজেৱালা আৰু প্ৰমোদ তিৱাৰীয়ে জয়লাভ কৰাৰ বিপৰীতে সফলতা লাভ কৰিছে বিজেপিৰ ধনশ্যাম তিৱাৰীয়ে।

আনহাতে, বিজেপিৰ সমৰ্থনত নিৰ্দিলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সুভাষ চন্দ্ৰ পৰাস্ত হয়। তেওঁ লাভ কৰে মাত্ৰ ৩০ টা ভোট।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজস্থানৰ ৰাজ্যসভা নিৰ্বাচনৰ ফলাফলক লৈ আনন্দ প্ৰকাশ কৰিছে।

তেওঁ টুইট কৰি কয়, ‘ৰাজস্থানৰ তিনিখন ৰাজ্যসভাৰ আসনত কংগ্ৰেছৰ জয় গণতন্ত্ৰৰ জয়। মই তিনিওজন নৱনিৰ্বাচিত সাংসদ প্ৰমোদ তিৱাৰী, মুকুল ৱাছনিক আৰু ৰণদীপ সুৰজেৱালাক অভিনন্দন জনাইছো। মোৰ পূৰ্ণ বিশ্বাস আছে যে তিনিওজন সাংসদে দিল্লীত ৰাজস্থানৰ অধিকাৰৰ হৈ মাত মাতিব’।

উল্লেখ্য যে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনতো বিজেপিয়ে এইধৰণে পৰাজয়ৰ সন্মুখীন হ’ব বুলিও মুখ্যমন্ত্ৰী গেহলটে মন্তব্য কৰে।