অষ্ট্ৰেলিয়াৰ যুৱতীক হত্যা কৰিলে ভাৰতৰ যুৱকে ! দিল্লী আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

0
2231

অষ্ট্ৰেলিয়াৰ যুৱতীক হত্যা কৰিলে ভাৰতৰ যুৱকে ! দিল্লী আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

অষ্ট্ৰেলিয়াত এগৰাকী যুৱতীক হত্যা কৰিলে এজন ভাৰতীয়ই। যুৱতী গৰাকীক হত্যাৰ অভিযোগত অভিযুক্ত ৰাজৱিন্দৰক আৰক্ষীয়ে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তজনে ২০১৮ চনত অষ্ট্ৰেলিয়াত এগৰাকী যুৱতীক হত্যা কৰাৰ পিছত ভাৰতলৈ পলাই আহিছিল আৰু ছদ্মবেশ ধৰি তেতিয়াৰে পৰা দিল্লীত বাস কৰিছিল।

অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে অভিযুক্তজনৰ বিচাৰি দিওতালৈ ১ মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰৰ পুৰস্কাৰো দিছিল। জানিব পৰা মতে ৩৮ বছৰীয়া ৰাজৱিন্দৰ সিঙ পঞ্জাৱৰ বুত্তাৰ কলনৰ বাসিন্দা।ৰাজৱিন্দৰ সিঙে ২০১৮ চনত ২৪ বছৰীয়া অষ্ট্ৰেলিয়ান যুৱতী টয়াহ কৰ্ডিংলীক হত্যা কৰিছিল।

তাৰ পিছতে ৰাজৱিন্দৰ সিঙে তেওঁৰ পত্নী আৰু তিনিটা সন্তানক অষ্ট্ৰেলিয়াত এৰি ভাৰতলৈ পলায় আহিছিল। অষ্ট্ৰেলিয়া চৰকাৰে ২০২১ চনৰ মাৰ্চত ভাৰতক ৰাজবিন্দৰ সিঙক প্ৰত্যাৰ্পণ কৰিবলৈ অনুৰোধ কৰিছিল। সেই অনুৰোধ মৰ্মে চলিত বছৰৰ নৱেম্বৰত ভাৰত চৰকাৰে অষ্ট্ৰেলিয়া চৰকাৰৰ অনুৰোধ গ্ৰহণ কৰে।

আৰু দিল্লী আৰক্ষীক ৰাজবিন্দৰ সিঙক বিচাৰি উলিওৱাৰ দায়িত্ব অৰ্পণ কৰে। অৱশেষত আৰক্ষীয়ে ৰাজবিন্দৰক দিল্লীত কৰায়ত্ত কৰিবলৈ সক্ষম হয়। সকলো যাৱতীয় কাম কাজ হ’লেই সোনকালে দিল্লী আৰক্ষীয়ে ৰাজবিন্দৰ সিঙক অষ্ট্ৰেলিয়া আৰক্ষীক গতাই দিব।